আল্ট্ৰা ৰাণৰ মানচিত্ৰত সংযোজিত হল অসমৰ পবিতৰাৰ নাম

বিশ্বৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হৈ অহা আল্ট্ৰা ৰাণৰ মানচিত্ৰত সংযোজিত হল অসমৰ পবিতৰাৰ নাম। ৮ ডিচেম্বৰ, দেওবাৰে পবিতৰাত অনুষ্ঠিত হৈ গল সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ দীৰ্ঘ দূৰত্বৰ দৌৰ প্ৰতিযোগিতা আনভায়িনচ্ ৰাণ ফৰ দ্য ৰাইন’ – পবিতৰা আল্ট্ৰা ৰাণ। উল্লেখ্য যে অসমত এই প্ৰতিযোগিতাৰ এইটো হৈছে তৃতীয় সংস্কৰণ। পূৰ্বে কাজিৰঙাত দুবাৰকৈ ৫২ কিলোমিটাৰ দৈৰ্ঘৰ এই প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পিছত এইবাৰ পবিতৰাত ৬২ কিলোমিটাৰ দৈৰ্ঘৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। পুৰুষৰ শাখাত ৬২ কিলোমিটাৰ আল্ট্ৰা ৰাণৰ বিজয়ী, মেঘালয়ৰ অকিটলাং চেইমলেই ৪ ঘন্টা ৩২ মিনিট আৰু ২৭ ছেকেণ্ডত ৬২ কিলোমিটাৰ দৌৰ সমাপ্ত কৰে। আনহাতে মহিলা শাখাত ৬ ঘন্টা ৪১ মিনিট আৰু ২৪ ছেকেণ্ডত ৬২ কিলোমিটাৰ দৌৰি বিজয়ী হয় মেঘালৰ আন এগৰাকী প্ৰতিদ্বন্দ্বী দাৰিচিচা লাংজু। গঁড় সংৰক্ষণৰ সজাগতাৰ লগতে সু-স্বাস্থ্য আৰু পৰ্যটনৰ প্ৰসাৰৰ উদ্দেশ্যৰে মুম্বাইৰ আনভায়িনচ্ নামৰ এটা প্ৰতিষ্ঠানে প্ৰতি বছৰে অসমত এই প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে। পবিতৰাৰ মিষ্টিক মায়ং ৰিজৰ্টৰ পৰা আৰম্ভ হোৱা এই আল্ট্ৰা ৰাণত ৬২ কিলোমিটাৰৰ লগতে ৩১ কিলোমিটাৰ, ১০ কিলোমিটাৰ আৰু ৫ কিলোমিটাৰ শাখাতো দৌৰ অনুষ্ঠিত হয়। সমগ্ৰ দেশৰ লগতে ইথিঅ’পিয়াৰ কেইবাগৰাকী প্ৰতিযোগী সহ ৫ শতাধিক প্ৰতিযোগীয়ে আনভায়িনচ্ ৰাণ ফৰ দ্য ৰাইন’ – পবিতৰা আল্ট্ৰা ৰাণত অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাৰ ৰেচ ডাইৰেক্টৰ হৈছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন দীৰ্ঘ দূৰত্বৰ দৌৰবিদ ডা০ শান্তনু দত্ত। গঁড় সংৰক্ষণৰ বাবে বিশ্বজুৰি খ্যাতি লাভ কৰা পবিতৰা অভয়াৰণ্যৰ চাৰিওফালে ৩১ কিলোমিটাৰ পথত এই দৌৰ অনুষ্ঠিত হয়। ৬২ কিলোমিটাৰ শাখাত যোগদান কৰা সকলে দুবাৰকৈ সেই পথছোৱাত দৌৰি নিজৰ দৌৰ সমাপ্ত কৰে। উল্লেখ্য যে অংশগ্ৰহণকাৰী সকলে পৰ্যটকে সাধাৰণতে দেখিবলৈ নোপোৱা পবিতৰা অভয়াৰণ্যৰ দাঁতি কাষৰীয়া অঞ্চলৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ সুযোগ লাভ কৰে। পুৱা ৫ বজাৰ পৰা এই প্ৰতিযোগিতা অনুষ্ঠিত হয়। সাংবাদিক সকলক সম্বোধন কৰি অনুষ্ঠানটোৰ মুখ্য উদ্যোক্তা তথা আনভায়িনচ্ ৰ প্ৰতিষ্ঠাপক তথা চি ই অ নিশিকান্ত দাসে আগন্তক সময়ত এই প্ৰতিযোগিতাক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত কৰাৰ কথা উল্লেখ কৰে। এই প্ৰতিযোগিতাত HDFC ERGO General Insurance Company Ltd. ৱেলনেছ পাৰ্টনাৰ, SBI Mutual Fund ৱেল্থ পাৰ্টনাৰ, Bisleri International Pvt Ltd হাইড্ৰেশ্যন পাৰ্টনাৰ, HDFC Life Insurance Company Ltd লাইফ ইঞ্চিউৰেন্স এৱেৰনেছ পাৰ্টনাৰ আৰু মিষ্টিক মায়ং ভেন্যু পাৰ্টনাৰ ৰূপে জড়িত হৈ থাকে। আনহাতে ইভেন্ট পাৰ্টনাৰ ৰূপে জড়িত আছিল আদিয়ান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...