প্ৰায় সম্পূৰ্ণ হৈছে অযোধ্যাৰ বহু প্ৰতীক্ষিত ৰাম মন্দিৰ

অহা ২২ জানুৱাৰীত মুকলি হ’ব অযোধ্যাৰ ৰাম মন্দিৰ। ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব ৰামলালাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰি ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব দেশৰ বহু বিশিষ্ট ব্যক্তি। উদ্বোধনী অনুষ্ঠানৰ বাবে প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে সকলো প্ৰস্তুতি। আমন্ত্ৰণ-পত্ৰক ঐতিহাসিক দলিল ৰূপে আখ্যা দিয়া হৈছে। বৰ্তমান কি পৰিস্থিতিত আছে অযোধ্যাৰ এই নিৰ্মীয়মাণ ৰাম মন্দিৰ?

প্ৰায় সম্পূৰ্ণ হৈছে অযোধ্যাৰ বহু প্ৰতীক্ষিত ৰাম মন্দিৰ
২২ জানুৱাৰীত অনুষ্ঠিত হ’ব ৰাম মন্দিৰ উদ্বোধনৰ মূল অনুষ্ঠান
এসপ্তাহ পূৰ্বে পালন কৰা হ’ব উদ্বোধনী অনুষ্ঠানৰ বৈদিক আচাৰ
১৬ জানুৱাৰীৰ পৰাই আৰম্ভ ভগৱান ৰাম আৰু ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা

অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে উচ্চতম ন্যায়ালয়ে অনুমতি প্ৰদান কৰা ৪ বছৰ অতিবাহিত হ’ল। আৰু কিছুদিন পিছতেই উদ্বোধন কৰা হ’ব বহু প্ৰতীক্ষিত এই ৰাম মন্দিৰ। লক্ষাধিক লোকৰ সমাগম হ’ব অযোধ্যাত। ইতিমধ্যে আমন্ত্ৰণ জনোৱা হৈছে ৰাজনৈতিক নেতা, খেলুৱৈৰ পৰা বলীউডৰ অভিনেতালৈকে। উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাক লৈ বিভিন্ন মহলত ক্ষোভৰো উদগিৰণ ঘটিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, ছোনিয়া গান্ধী, ৰাহুল গান্ধীৰ উপৰি ক্ৰিকেট তাৰকা শচীন তেণ্ডুলকাৰ, বিৰাট কোহলিকো আমন্ত্ৰণ জনোৱা হৈছে। বলীউড তাৰকা অমিতাভ বচ্চন, মাধুৰী দীক্ষিতৰ উপৰি দক্ষিণৰ চলচ্চিত্ৰ তাৰকা প্ৰভাস, ৰজনীকান্তকো আমন্ত্ৰণ জনোৱা হৈছে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানলৈ। কিন্তু এতিয়াও মন্দিৰ কৰ্তৃপক্ষৰ পৰা আমন্ত্ৰণ পোৱা নাই বলীউডৰ ৩ খান ক্ৰমে–শ্বাহৰুখ, ছলমান, আমীৰ খানে। এসপ্তাহ পূৰ্বে ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানৰ বৈদিক আচাৰ পালন কৰা হ’ব। উদ্বোধনী অনুষ্ঠানত লক্ষাধিক লোকৰ সমাগম হোৱাৰ সম্ভাৱনা আছে।

অযোধ্যাত হোটেলৰ ভাৰা বৃদ্ধি পাইছে ২০ গুণলৈকে
অযোধ্যাত আছে ১৩৮খন হোটেল, ৭০খন অতিথিশালা, ৫০টা ধৰমশালা
ইয়াৰ উপৰি অযোধ্যাত আছে শতাধিক হোম ষ্টেৰ সুবিধা
কিন্তু কোনো হোটেল, অতিথিশালাই এতিয়া খালী নাই
অযোধ্যামুখী যাত্ৰীবাহী ৰে’লতো নাই টিকট

উল্লেখ্য যে ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানলৈ উত্তৰ প্ৰদেশৰ বাহিৰে আন কোনো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালকো আমন্ত্ৰণ জনোৱা হোৱা নাই। চৰকাৰী প্ৰট’কল ৰক্ষা কৰাটো সম্ভৱ নহ’ব বুলিয়েই আন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ অমন্ত্ৰম জনোৱা হোৱা নাই। মন্দিৰ কৰ্তৃপক্ষই দাবী কৰা মতে ৰাম মন্দিৰটো এনে বিশেষ অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে যে

অহা এহাজাৰ বছৰতো ইয়াৰ মেৰামতিৰ প্ৰয়োজন নহ’ব
৬.৫ প্ৰাবল্যৰ ভূমিকম্পতো ক্ষতি নহ’ব ৰাম মন্দিৰৰ
মন্দিৰৰ প্ৰথম তলাত থাকিব ৰাম ‘দৰবাৰ’
ৰাম দৰবাৰৰ প্ৰতিটো স্তম্ভত খোদিত হ’ব ২৫–৩০টা মূৰ্তি
মন্দিৰ চৌহদত থাকিব বাল্মিকী, নিষাদ, বিশ্বমিত্ৰ, শবৰীৰ মন্দিৰ

ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। মন্দিৰৰ প্ৰতিটো অংশতে শেষ স্পৰ্শ দিবলৈ আৰম্ভ কৰিছে কলা–কুশলীসকলে। এনে সময়তে বিৰোধী ৰাজনৈতিক দলসমূহে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানক এক ৰাজনৈতিক অনুষ্ঠানৰ ৰূপ দিবলৈ চেষ্টা চলোৱা বুলি বিজেপিৰ বিৰুদ্ধে অভিযোগ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...