অজ্ঞাত স্থানত অপহৃত মুছলেক আলিক মুকলি অপহৰণকাৰীৰ

অজ্ঞাত স্থানত অপহৃত মুছলেক আলিক মুকলি অপহৰণকাৰীৰ। চৰাইদেউৰ নামতোলাৰ পৰা অপহৰণ কৰিছিল ব্যৱসায়ী মুছলেক আলীক। নগা বিদ্ৰোহী সংগঠন আঙমাইয়ে অজ্ঞাত স্থানত মুকলি কৰি দিয়ে মুছলেকক। ২৫ নৱেম্বৰত অপহৰণ কৰিছিল ব্যৱসায়ীজনক।। মুছলেক আলীক অপহৰণক লৈ সীমান্তত সৃষ্টি হৈছিল উত্তেজনা। অপহৰণৰ পিছতে অৰ্থনৈতিক অৱৰোধ কৰিছিল স্থানীয় ব্যৱসায়ীসকলে। দুয়োখন ৰাজ্যৰ বিভিন্ন দল–সংগঠনৰ মধ্যস্থতাত শাম কাটিছিল প্ৰতিবাদ। আৰক্ষীয়ে দীৰ্ঘদিনে শুংসূত্ৰ উলিয়াব পৰা নাছিল অপহৃত মুছলেকৰ । অপহৃত মুছলেক আলীক মুকলিৰ বিনিময়ত ধনদাবী কৰিছিল নগা সংগঠনটোৱে। অৱশেষত শনিবাৰে অজ্ঞাত স্থানত মুছলেক আলীক মুকলি কৰি দিয়ে সংগঠনটোৱে। ধন নোলোৱাকৈ তেওঁক মুকলি কৰি দিয়া বুলি দাবী মুছলেক আলীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...