গেৰুৱা লেফাফাত আহিছে নিমন্ত্ৰণ

বাকচৰ ওপৰ ভাগত ৰাম মন্দিৰৰ ৰেখাচিত্ৰ
গদা সদৃশ হুক আতৰাই মেলিব পাৰিব বাকচ

ভিতৰত আছে বিভিন্ন সামগ্ৰী। প্ৰথমপৃষ্ঠা খুলিলে চকুত পৰে ৰাম, সীতা, লক্ষ্মণ, ভৰত, শতুঘ্ন, হনুমানৰ এখন ফটো। তাৰ পিছত সাঁচিপাতৰ দৰে পৃষ্ঠা, তামৰ মুদ্ৰা, ৰঙা সুতাৰে বন্ধা আইনাৰ কাঠৰ সাফৰ মৰা সৰু এটা বটল। বটলৰ ভিতৰত আছে অলপমান মাটি।

আপুনি নাভাবিব পৌৰাণিক কিবা উদ্ধাৰ হ’ল বুলি। বা মন্ত্ৰপুত কিবা আহিল বুলি। আচলতে এয়া এখন চিঠি। এয়া ৰাম মন্দিৰৰ নিমন্ত্ৰণী পত্ৰ। এইদৰে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠালৈ আমন্ত্ৰণ পঠোৱা হৈছে। শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে ৬০০০ লোকলৈ এই নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰিছে। এই বিশেষ নিমন্ত্ৰণী পত্ৰখনো আকৰ্ষৰ কেন্দ্ৰ হৈ পৰিছে। নিমন্ত্ৰণী পত্ৰত লিখা ৰাম মন্দিৰৰ বৰ্ণনা, শ্লোক আদি। আইনাৰ বটলত আছে অযোধ্যাৰ পবিত্ৰ মাটি। তামৰ মুদ্ৰাৰ এপিঠিত ৰাম মন্দিৰ, আন পিঠিত আছে ৰামৰ ছবি। এই নিমন্ত্ৰণী পত্ৰই স্পষ্ট কৰিছে কি এক বিলাসবহুল আয়োজন চলিছে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্টানক লৈ। ২২ জানুৱাৰীত ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব। VVIP, VIP আমন্ত্ৰিত হৈছে এই অনুষ্ঠানলৈ। অনুষ্ঠানত উপস্থিত থাকিব স্বয়ং প্ৰধানমন্ত্ৰী মোদী। অযোধ্যাক নতুন ৰূপ দিয়াৰ বাবেও যোগী চৰকাৰে লৈছে বিশেষ উদ্যোগ। দ্ৰুতগতিত চলিছে ৰামমন্দিৰৰ নিৰ্মাণৰ বাকী থকা কাম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...

ডাৱৰ বিস্ফোৰণ (Cloudburst) কি?

নাগালেণ্ডৰ মন (Mon) জিলাত হোৱা ডাৱৰ বিস্ফোৰণৰ (Cloudburst) পাছত...

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত দ্বাদশ কৃষ্ণকান্ত সন্দিকৈ স্মাৰক বক্তৃতানুষ্ঠান সম্পন্ন

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ খানাপাৰস্থিত নগৰ কাৰ্যালয়ৰ সভাগৃহত...