SELFIE উঠিবলৈ গৈ সোমাল সিংহৰ পিঞ্জৰাত, তাৰ পিছত ভয়ংকৰ ঘটনা…

SELFIEৰ বাবেই বিভিন্ন সময়ত বিভিন্ন ঘটনাৰ খবৰ পোহৰলৈ আহি থাকে। তেনে এক ঘটনাই এইবাৰ পোহৰলৈ আহিছে। ঘটনা অন্ধ্ৰপ্ৰদেশৰ। য’ত এজন লোকে SELFIE তুলিবলৈ সিংহৰ পিঞ্জৰাত প্ৰৱেশ কৰি হেৰুৱাবলগীয়া হ’ল প্ৰাণ। অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে, ৰাজস্থানৰ বাসিন্দা প্ৰহ্লাদে তিৰুপতী ভ্ৰমণ কৰিবলৈ গৈছিল। বৃহস্পতিবাৰে তেওঁ তিৰুপতিৰ ‘শ্ৰী ভেংকটেশ্বৰ প্ৰাণীবিজ্ঞান উদ্যান’লৈ যায়। তাতে চিৰিয়াখানাৰ কৰ্মচাৰীয়ে বাৰে বাৰে তেওঁক বাধা দিয়াৰ পিছতো SELFIE ল’বলৈ সিংহৰ পিঞ্জৰাত প্ৰৱেশ কৰে৷ আনফালে প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি, প্ৰহ্লাদে পিঞ্জৰাত প্ৰৱেশ কৰাৰ পাছতেই সিংহই আক্ৰমণ কৰে। সিংহৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ গছত উঠে লোকজন৷ কিন্তু সিংহটোৱেও গছত আক্ৰমণ কৰে লোকজনক। সিংহৰ আক্ৰমণত প্ৰহ্লাদৰ থিতাতে মৃত্যু হয়।

ইতিমধ্যে সমগ্ৰ বিষয়টোক লৈ আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত অনুসৰি প্ৰহ্লাদ পিঞ্জৰাত প্ৰৱেশ কৰাৰ সময়ত মদ্যপান কৰি আছিল। সহকাৰী বন সংৰক্ষকে কয় যে ৰাজস্থানৰ লোকজনে নিয়ম উলংঘা কৰাৰ লগতে চিৰিয়াখানাৰ কৰ্মচাৰীৰ বাধাকো আওকাণ কৰি সিংহৰ পিঞ্জৰাত প্ৰৱেশ কৰিছিল৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...