সোণালী বাঘে বৃদ্ধি কৰিছে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ আকৰ্ষণ

কাজিৰঙাত বিৰল সোণালী বাঘৰ বিচৰণৰ দৃশ্যত আপ্লুত পৰ্যটক 

সাধাৰণ ঢেঁকীয়াপতীয়া বাঘতকৈ কি ব্যতিক্রম এই সোণালী বাঘ?

কাজিৰঙাত কিমানটা আছে সোণালী বাঘ?

ভাৰতত ‘বনৰজা’ৰ আখ্যা পাইছে ঢেঁকীয়াপতীয়া বাঘে। হালধীয়াৰ পৰা কমলা বৰণৰ ছাল আৰু তাত মুগাৰ পৰা ক’লা বৰণৰ দীঘলীয়া পটীয়ে আকৰ্ষণ বৃদ্ধি কৰিছে বনৰজাৰ। কিন্তু এই বনৰজাৰ ছালৰ ৰঙৰ ব্যতিক্রম দৃশ্য দেখা যায় কিছুসংখ্যক বাঘৰ ক্ষেত্রত। এনে বাঘৰ ছালখনৰ ৰং সোণালী হৈ পৰাৰ লগতে তাত থকা দীঘলীয়া পটীসমূহ ক’লা নহয়, ৰঙা-মুগা বৰণৰ হয়। শৰীৰৰ ৰঙৰ জীনৰ বিসংগতিৰ বাবেই এনে বাঘক মৰ্ফ কৰা বাঘ যেন লাগে। এনেধৰণৰ ৰঙৰ হীনদেড়ি হোৱা বাঘক জনা যায় সোণালী বাঘ বুলি। সাধাৰণতে আবদ্ধ অৱস্থাত কিছুসংখ্যক বাঘৰ বৰণ সলনি হোৱা পৰিলক্ষিত হয়।

গ’ল্ডেন টাইগাৰ ফ’ৰামৰ মতে বিশ্বত আছে প্ৰায় ৫,৫০০টা বাঘ

ভাৰতত থকা বাঘৰ সংখ্যা হৈছে প্ৰায় ৩,৯০০টা

বিশ্বত ঢেঁকীয়াপতীয়া সোণালী বাঘৰ সংখ্যা হৈছে প্রায় ৩০টা

ইয়াৰে ৪টা কাজিৰঙাত আছে বুলি জানিব পৰা গৈছে    

মুক্ত অৱস্থাত বিশ্বৰ ভিতৰত কেৱল কাজিৰঙাতে আছে সোণালী বাঘ 

কাজিৰঙাত মাজে মাজেহে দৃশ্যমান হয় এই সোণালী বাঘ। ৪টাকৈ সোণালী বাঘৰ বিচৰণ ভূমি কাজিৰঙা ৰাষ্ট্রীয় উদ্যান। যদিও ই বাঘৰ উপ প্রজাতি নহয়, ছালৰ বৰণৰ বাবেই সোণালী বাঘক লৈ কৌতূহল বৃদ্ধি। কাজিৰঙাত শেহতীয়াকৈ দৃশ্যমান হৈছে এটা সোণালী বাঘ।

কাজিৰঙাৰ কঁহৰা বনাঞ্চলত সোণালী বাঘৰ বিচৰণৰ বিৰল দৃশ্য

দৃশ্য কেমেৰাত বন্দী কৰিলে ৰাজদীপ গগৈ নামৰ ট্যুৰিষ্ট গাইডজনে

পৰ্যটকে ছাফাৰি কৰি থকাৰ সময়তে দৃশ্যমান সোণালী বাঘৰ বিচৰণ

বাঘৰ পথ অতিক্ৰম কৰাৰ দৃশ্য প্ৰত্যক্ষ কৰি আলোড়িত দেশী-বিদেশী পৰ্যটক

কিছুদিনৰ পৰা পৰ্যটকৰ সন্মুখত সহজে ধৰা দিছে সোণালী বাঘে

এই বছৰৰ জানুৱাৰী মাহত বাগৰি বনাঞ্চলতো এটা সোণালী বাঘৰ মুক্তি বিচৰণৰ দৃশ্য বন্দী কৰিছিল পৰ্যটকে। মৰ্ফ পৰা যেন লগা ৰঙৰ জীনৰ বিসংগতি থকা সোণালী বাঘক লৈ স্বাভাৱিকতে বৃদ্ধি পাইছে কৌতূহল।

কাজিৰঙাৰ পৰা আহিছে আন এক সুখবৰ

ক্ৰমাৎ সুস্থ হৈছে কলিয়াবৰত আঘাতপ্রাপ্ত বাঘিনীজনী

এই আশাব্যঞ্জক খবৰে হাঁহি বিৰিঙাইছে CWRC চিকিৎসকৰ মুখত

জখলাবন্ধাত শিলগুটি নিক্ষেপৰ ঘটনাত আঘাতপ্ৰাপ্ত বাঘিনীজনী

ট্ৰেংকুলাইজ কৰি বাঘটোক পাণবাৰীৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত কৰা হৈছিল চিকিৎসা। বৰ্তমান ঢেঁকীয়াপতীয়া বাঘিনীজনীৰ স্বাস্থ্যৰ অৱস্থা যথেষ্ট উন্নত হৈছে। দুবাৰকৈ চকুৰ অস্ত্রোপচাৰৰ পাছত বাঁও চকুৰে এতিয়া সম্পূৰ্ণ দেখা পোৱা হৈছে বাঘিনীজনীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...