গুৱাহাটীমুখী বিমানে অৱতৰণ কৰিব নোৱাৰিলে বৰঝাৰত

কুঁৱলীৰ বাবে আকাশমাৰ্গত অথন্তৰ
গুৱাহাটীমুখী বিমানে অৱতৰণ কৰিব নোৱাৰিলে বৰঝাৰত
যাত্ৰীৰ মাজত লাগিল হাহাকাৰ

কুঁৱলীয়ে ঢাকিছে আকাশ। সেইসময়তে বৰঝাৰ বিমান বন্দৰো কুঁৱলীৰ আচ্ছাদনৰ তলত। কেৱল ধিমিক–ধামাক কৰি থকা কেইটামান ৰঙা–নীলা লাইট। একোৱেই মনিব নোৱাৰা এটা অৱস্থা।

বৰঝাৰৰ আকাশমাৰ্গত উৰি আছিল এখন বিমান
অৱতৰণৰ বাবে অনুকুল নাছিল পৰিৱেশ
ঘন কুঁৱলিয়ে ঢাকি ৰাখিছে বিমানবন্দৰ

ইণ্ডিগ’ 6E5319 ‍বিমানখন বহু সময় আকাশমাৰ্গত উৰি থাকি উৰা মাৰিলে ঢাকালৈ। মুম্বাইৰ পৰা আহি বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিব লাগিছিল।

কিন্তু বিমানখনে অৱতৰণ কৰিলে ঢাকা বিমান বন্দৰত
গুৱাহাটীৰ পৰিৱৰ্তে ঢাকাত বিমান অৱতৰণক লৈ যাত্ৰী হতবাক
বিমানতে বহি ৰ’ল যাত্ৰীসকল

বহু যাত্ৰী আতংকিতও হ’ল। ইণ্ডিগ’ৰ তৰফৰ পৰা জনোৱা হ’ল ঘন কুঁৱলীৰ বাবে গুৱাহাটীত অৱতণৰ সম্ভৱ নহ’ল বিমানখনৰ। বিমানখনত যাত্ৰী হিচাপে থকা বহুজনে X হেণ্ডেলসহ বিভিন্ন ছ’চিয়েল মিডিয়াত লিখিলে এই অভিজ্ঞতাৰ কথা। বাংলাদেশৰ ভিছা, পাৰ্ছপৰ্টৰ অবিহনে ঢাকা পালেও যাত্ৰীসকল বিমানৰ পৰা নমা সম্ভৱ নহ’ল। বহু সময় বিমানতে সময় কটাবলগীয়া হ’ল যাত্ৰীয়ে। অৱশ্যে খোৱা–বোৱাৰ ব্যৱস্থা কৰি দিলে বিমান কৰ্তৃপক্ষই। দিনৰ ১১ বজাত বিমানখনে বৰঝাৰলৈ উৰা মাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...