বিদ্যালয় চৌহদতে মদৰ আড্ডা, বটলে ভৰি কাটিছে শিক্ষাৰ্থীৰ

বেদখলকাৰীৰ চকু বিদ্যালয়ৰ ভূমিত
অন্ধকাৰ ভৱিষ্যত, বিদ্যালয় চৌহদত বহিছে দোকান
বিদ্যালয় চৌহদতে মদৰ আড্ডা, বটলে ভৰি কাটিছে শিক্ষাৰ্থীৰ

লখিমপুৰৰ চিলনিবাৰী বনুৱা হাইস্কুল খেলপথাৰ বেদখল কৰি এচাম লোকে গঢ়ি তুলিছে বৃহৎ ব্যৱসায়িক কেন্দ্ৰ। খেলপথাৰখন দখল কৰি একাংশ ব্যৱসায়ীয়ে পকী দোকান নিৰ্মাণ কৰি আগ্ৰাসন অব্যাহত ৰাখিছে। ইখনৰ পাছত সিখন দোকান নিৰ্মাণ কৰিছে ব্যৱসায়ীয়ে।

এখন দুখনকৈ ৩০খন পকী দোকান নিৰ্মাণ

দোকানসমূহৰ পৰা ওলোৱা পেলনীয়া সামগ্ৰী খেলপথাৰৰ মাজত পেলাই এক দুৰ্গন্ধময় পৰিৱেশ সৃষ্টি কৰিছে ব্যৱসায়ীয়ে। সন্ধিয়া হোৱাৰ লগে লগে বিদ্যালয়খনৰ খেলপথাৰত বহি সুৰাপান কৰে একাংশই। পেলাই থৈ যায় সুৰাৰ বটল। কেইবাবাৰো ভৰিত সুৰাৰ ভঙা বটলে কটাৰ ফলত চিকিৎসাধীন হ’ব লগা হৈছিল শিক্ষাৰ্থী। ২০২৩ চনত বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী চম্পা বৰাই লখিমপুৰৰ জিলা আয়ুক্তক অভিযোগ দিয়াত আয়ুক্তই উচ্ছেদৰ বাবে নাওবৈচা ৰাজহ চক্ৰ বিষয়াক নিৰ্দেশ দিছিল। কিন্তু ৰহস্যজনকভাৱে চক্ৰ বিষয়াই বিষয়টো গাপ দিয়া বুলি অভিযোগ উঠিছে।

১৯৮৬ চনতে স্থাপিত এই বিদ্যালয়খনত এতিয়াও তিনি শতাধিক শিক্ষাৰ্থীয়ে অধ্যয়ন কৰে। এইসকল শিক্ষাৰ্থীৰ এতিয়া সমস্যাৰ অন্ত নাই। পুতিগন্ধময় পৰিৱেশৰ মাজত অধ্যয়ন কৰিবলগীয়া হৈছে শিক্ষাৰ্থীসকলে। সেয়ে আহ্বান প্ৰধান শিক্ষয়িত্ৰীৰ – মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰক বিষয়টোত…

ক্ষুব্ধ একাংশ সচেতন তথা স্থানীয় লোক। শৈক্ষিক প্ৰতিষ্ঠান দখল কৰি দোকান বহুওৱা কাণ্ডৰ তীব্ৰ বিৰোধিতা কৰিছে সকলোৱে। কিন্তু প্ৰশাসনে এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কিয়, সেয়াহে ৰহস্যৰ আৱৰ্তত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...