কাৰ ভুলৰ বাবে বুকু শুদা হ’ল এগৰাকীৰ মাতৃৰ?

দোষ কাৰ?
এটি কণমানিৰ অপমৃত্যু
দায়ী চিকিৎ‍সক নে পয়ালগা স্বাস্থ্যখণ্ড?
কাৰ ভুলৰ বাবে বুকু সুদা হ’ল এগৰাকীৰ মাতৃৰ

সৰ্পদংশনত অসুস্থ হৈ পৰা এটি ১০ বছৰীয়া কন্যা শিশুক লৈ চিকিৎ‍সালয়ে চিকিৎ‍সালয়ে ঢপলিয়াই ফুৰিল পৰিয়াল। কিন্তু নাপালে প্ৰয়োজনীয় চিকিৎ‍সা। তিল তিল কৈ কৰুণ মৃত্যুক আকোঁৱালি ল’লে ছিপাঝাৰৰ ১০ বছৰীয়া প্ৰিন্সিয়ে। যি ঘটনাই লাজলগাকৈ উদঙাই দিলে ৰাজ্য চৰকাৰখনে কোবোৱা স্বাস্থ্যবিভাৰ উন্নয়নৰ ফটাঢোল।

ঘটনা পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। প্ৰাথমিক অনুসন্ধানতে পোহৰলৈ আহিছে ভয়ংৰ তথ্য। ছিপাঝাৰ ৰাজ্যিক চিকিৎসালয়ত পৰ্যাপ্ত এণ্টিভেনম থকাৰ পিছতো দিয়া হোৱা নাছিল শিশুটিক। চিকিৎসকে শিশুটিৰ দেহত বিষ আছে নে নাই নিৰ্ণয় কৰাত ব্যৰ্থ হ’ল। তেজৰ পৰীক্ষাৰ সকলো সুবিধাও আছিল ছিপাঝাৰ ৰাজ্যিক চিকিৎসালয়ত। ডিউটি শেষ হোৱাৰ বাবেই দেৱৰাজ শৰ্মা নামৰ চিকিৎ‍সকজনে এৰি থৈ গ’ল অসুস্থ শিশুটিক। পিছত কিশোৰ ৰাজবংশী নামৰ চিকিৎ‍সকজনে হৈ এটা TT দি পঠিয়াই দিয়ে মঙলদৈ চিভিললৈ। তেতিয়ালৈ কণমানি জনীৰ স্বাস্থ্য অধিক অৱনতি হৈছিল। মঙলদৈৰ চিভিলত আতিকুৰ ৰহমান নামৰ চিকিৎ‍সকজনে এটা এন্টিভেনাম দি নিৰীক্ষণ নকৰাকৈয়ে পঠিয়াই দিয়ে GMCH লৈ। মঙলদৈ অসামৰিক চিকিৎ‍সালয়ত নাছিল এণ্টিভেনম দিয়াৰ পাছত পৰৱৰ্তী নিৰীক্ষণৰ পৰ্যাপ্ত ব্যৱস্থা।

এই ঘটনাই উদঙাই দিলে মঙলদৈ অসামৰিক চিকিৎ‍সালয়খনক ICUৰ সুবিধা থকা উন্নত চিকিৎসালয়ৰ বুলি ঢাক ঢোল বজাই থকা স্বাস্থ্যবিভাগৰ পঁয়ালগা অৱস্থা। যি কাৰণতে আজি কলিতে মৰহি গ’ল এগৰাকী কণমানি। ইফালে এই ঘটনাকলৈ প্ৰতিক্ৰিয়াৰ পিছতে ছিপাঝাৰ সামূহিক স্বাস্থ্য কেন্দ্রত উপস্থিত হ’ল তদন্তকাৰী বিষয়া দল। তদন্তকাৰী বিষয়াইও স্পষ্ট কৰিলে ছিপাঝাৰ সামূহিক স্বাস্থ্য কেন্দ্রত পৰ্যাপ্ত এণ্টিভেনাম থকাৰ পিছতো চিকিৎসকে প্ৰদান কৰা নাছিল এণ্টিভেনাম। চিকিৎসকে তেজৰ পৰীক্ষা কৰা নাছিল, কণমানি জনীৰ দেহত বিষ আছে নাই সেয়া পৰীক্ষা কৰাত ব্যৰ্থ হ’ল চিকিৎসক।

কণমানি প্ৰিন্সিৰ মৃত্যুৱে উদঙালে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ ফোঁপোলা স্বৰূপ। কণমানিজনীৰ মৃত্যুত চিকিৎ‍সকৰ গাফিলতিৰ সমান্তৰালকৈ চিকিৎসালয়ত পৰ্যাপ্ত সুবিধা নথকাটোৱেই মূল কাৰণ বুলি উঠিছে অভিযোগ। কেইদনমান পূৰ্বে বজালীৰ এজন শিকক্ষেও সৰ্পদংশনৰ উপযুক্ত চিকিৎ‍সা নোপোৱাৰ বাবেই মৃত্যুৰ উঠিছিল অভিযোগ। ইমানৰ পাছত কেবল তদন্তৰ নামত তদন্ত কৰিয়েই দায়িত্ব সামৰিব নেকি বিয়াগোম স্বাস্থ্যবিভাগটোৱে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...

পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক USTMত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

USTMৰ ছ'চিয়েল ৱৰ্ক বিভাগে বিশ্ব সমাজকৰ্ম দিৱস ২০২৬ উপলক্ষে...

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...