গৃহৰক্ষী বাহিনীৰ জোৱানৰ দৈনিক ভাট্টা ৭৬৭ টকালৈ বৃদ্ধি

ভাট্টা বৃদ্ধিয়ে গৃহৰক্ষী বাহিনীৰ জোৱানসকলক অধিক নিষ্ঠা আৰু উৎসর্গিত মনোভাৱেৰে কৰ্মত ব্ৰতী হ’বলৈ উৎসাহ যোগাব : মুখ্যমন্ত্রী

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ৰাজ্যৰ গৃহ বিভাগে গৃহৰক্ষী বাহিনীৰ জোৱানসকলৰ দৈনিক ভাট্টা ৭৬৭ টকালৈ বৃদ্ধি কৰিছে। উল্লেখ্য যে ৰাজ্যৰ গৃহৰক্ষী বাহিনীৰ জোৱানসকলে দৈনিক ভাট্টা বৃদ্ধিৰ বাবে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছিল। ৰাজ্য চৰকাৰে এই দিশত সঁহাৰি জনাই গৃহৰক্ষী বাহিনীৰ জোৱানসকলৰ দৈনিক ভাট্টা বৃদ্ধিৰ এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্রীর নিৰ্দেশমৰ্মে ৰাজ্যৰ গৃহ বিভাগে আজি জাৰি কৰা এইচ এম বি. ১৫০/২০১৫/২৯৯ নং অধিসূচনা অনুসৰি আজিৰে পৰাই এই বৰ্দ্ধিত ভাট্টা কাৰ্যকৰী হ’ব। ইয়াৰ পূৰ্বে প্ৰাথমিক প্রশিক্ষণ সমাপ্ত কৰা গৃহৰক্ষী বাহিনীৰ এগৰাকী জোৱানে দৈনিক ৩০০ টকা আৰু উন্নত প্রশিক্ষণ সমাপ্ত কৰা জোৱান এগৰাকীয়ে দৈনিক ৩১৫ টকাকৈ লাভ কৰি আহিছিল। ৰাজ্য চৰকাৰে আজি গ্ৰহণ কৰা এই সিদ্ধান্তৰ ফলস্বৰূপে গৃহৰক্ষী বাহিনীৰ প্রায় ২৪ হাজাৰ গৰাকী জোৱান উপকৃত হোৱাৰ লগতে এনে এগৰাকী জোৱানৰ মাহিলী পাৰিতোষিক ২৩ হাজাৰ ১০ টকালৈ বৃদ্ধি পাব ।

এই সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰে ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ সৰ্বাংগীন কল্যাণৰ অৰ্থে নিৰন্তৰ প্রয়াস চলাই আহিছে। আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ এই ভাট্টা বৃদ্ধিয়ে গৃহৰক্ষী বাহিনীৰ জোৱানসকলক অধিক নিষ্ঠা আৰু উৎসর্গিত মনোভাৱেৰে কৰ্মত ব্ৰতী হ’বলৈ উৎসাহ যোগাব বুলি তেওঁ আশা প্রকাশ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...

Exclusive | দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ সবিশেষ

CC কেমেৰাত দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ দৃশ্য।...