সাৱধান! মালিকে গম নোপোৱাকৈয়ে এবাৰ-দুবাৰ নহয় ৪ বাৰ বেচিলে একেডোখৰ মাটি, জালত বনকৰ্মী

পুনৰ আৰক্ষীৰ জালত মাটিৰ দালাল৷ এবাৰ দুবাৰ নহয় দালালে চাৰিবাৰকৈ বিক্ৰি কৰিছে দুই বিঘা ৩০ লেছা মাটি৷ নিৰক্ষৰতাৰ সুযোগ লৈ দালালে লুটিলে ৩৬ লাখ টকা৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানত প্ৰেপ্তাৰ মাটিৰ দালাল ৷ ৰক্ষকৰ ৰূপত ভক্ষক মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বন কৰ্মী৷ বাৰেংগাবাৰী অঞ্চলৰ মাটিৰ গৰাকী বুদু সুত্ৰধৰ নামৰ লোকজনৰ সৈতে সংঘটিত হৈছে এই ঘটনা। শালবাৰী আৰক্ষীৰ জালত ৩ মাটিৰ জুলফিক্কাৰ আলী, ফনিন্দ্ৰ দাস আৰু ৰাজীৱ দাস৷ মষ্ট ৱাণ্টেড জোন খান বৰ্তমান পলাতক অৱস্থাত আছে৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দুগৰাকী কৰ্মী দালাল চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগ। ইতিমধ্যে বাঁহবাৰী বনাঞ্চলৰ লজৰ স্বত্ত্বাধিকাৰী ৰাজীৱ দাসক জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...