বহিঃৰাজ্যৰ পৰা আহি অসমত প্ৰৱঞ্চনাৰ জাল, আধাৰকাৰ্ড আৰু জন্মৰ প্ৰমাণ পত্ৰৰ নামত ৰামঠগন দি গ্ৰেপ্তাৰ আনন্দ কুমাৰ

আধাৰ কাৰ্ডৰ নামত চাহ বাগিচাৰ সহজ সৰল শ্ৰমিকক বহি:ৰাজ্যৰ যুবকৰ প্ৰবঞ্চনা। ৰাজ্যৰ বিভিন্ন চাহ-বাগিচা কৰ্তৃপক্ষক বাগিচাৰ শ্ৰমিকসকলক অধাৰকাৰ্ড প্ৰস্তুতৰ নিৰ্দেশ প্ৰদান কৰিছে। যাৰ ভিত্তিত চাহ বাগিচাসমূহত নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ কোম্পানীয়ে বাগিচাসমূহত আধাৰ কেন্দ্ৰ স্থাপন কৰি নিযুক্তি প্ৰদান কৰিছে একাংশ যুৱকক। অপাৰেটৰ হিচাপে দেশৰ বিভিন্ন স্থানৰ যুৱকক নিয়োজিত কৰিছে অসমত। কিন্তু তাৰ মাজতে আজি বিশ্বনাথৰ সাকোমঠা বাগিচা কৰ্তৃপক্ষই পোহৰলৈ আনিলে আধাৰ কাৰ্ডৰ নামত বাগিচাখনৰ শ্ৰমিকক প্ৰবঞ্চনা কৰা এজন বহি:ৰাজ্যৰ যুৱকৰ কাণ্ড। নৰ্থ ইষ্ট স্মল ফাইনেঞ্চ কোম্পানীয়ে আধাৰ কেন্দ্ৰৰ অপাৰেটৰ হিচাপে বিশ্বনাথৰ সাকোমঠা চাহ বাগিচাত নিয়োগ কৰা আনন্দ কুমাৰ নামৰ ৰাঁচী নামৰ যুৱকজনে আধাৰ কাৰ্ডৰ নামত সহজ-সৰল বাগিচাৰ শ্ৰমিকৰ পৰা গ্ৰহণ কৰি আহিছিল ধন। দিন হাজিৰা কৰা বাগিচাৰ শ্ৰমিকসকলৰ পৰা আধাৰৰ নামত ১৫০ টকাকৈ সংগ্ৰহ কৰাৰ লগতে বাগিচাখনৰ শ্ৰমিকসকলক ভুৱা জন্মৰ প্ৰমাণ পত্ৰ প্ৰদান কৰি প্ৰতিখনত ৬০০ টকাকৈ সংগ্ৰহ কৰি আহিছিল। কিন্তু আজি বহি:ৰাজ্যৰ যুৱকজনৰ কৰ্মকাণ্ডত সন্দেহ ওপজাত জিলা প্ৰশাসনক খবৰ দিয়ে। লগে লগে জিলা কাৰ্যবাহী দণ্ডাধিক কংকনা শইকীয়া উক্ত চাহ বাগিচাত উপস্থিত হৈ নথি-পত্ৰ জব্দ কৰাৰ লগতে বিশ্বনাথ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰয়ে আটক কৰে বহি:ৰাজ্যৰ যৱবক জনক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীক বিনামূলীয়াকৈ বাহন চালনাৰ প্ৰশিক্ষণ দিব পৰিবহণ বিভাগে

জুলাইত পৰিবহণ বিভাগৰ “সম্পূৰ্ণ সেৱা মাহ”ৰ কাৰ্যসূচী শিক্ষক-শিক্ষয়িত্ৰী, চিকিৎসক-অধিবক্তা, সাংবাদিক,...

দুসপ্তাহৰ জাননী দি ৭২ ঘণ্টাৰ ভিতৰত ইৰাণক আক্ৰমণ! ট্ৰাম্পে কেতিয়া আক্ৰমণ কৰাৰ সিদ্ধান্ত লৈছিল?

ইৰাণৰ বিৰুদ্ধে আমেৰিকাই প্ৰত্যক্ষভাৱে অস্ত্ৰ ল’ব নে নাই, সেই...

ৰাছিয়াই ইৰাণক কিয় প্ৰত্যক্ষভাৱে সহায় কৰা নাই?

পশ্চিম এছিয়াত উত্তেজনা ক্ৰমাৎ বাঢ়িছে। এই পৰিপ্ৰেক্ষিতত শনিবাৰে গভীৰ...

ইৰাণত প্ৰৱেশ কৰি কেনেকৈ পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ চলাইছিল আমেৰিকাই?

ইৰাণৰ পৰমাণু কেন্দ্ৰত আমেৰিকাৰ গোপন আক্ৰমণ শনিবাৰে গভীৰ নিশা আমেৰিকাই...