অথলে গ’ল জাতীয় সংগঠনৰ নেতাৰ হুংকাৰ, প্ৰতিবাদ

৩৯ বছৰ অতিক্ৰম কৰি ৪০ বছৰত সোমাল অসম চুক্তি। সেই দিনটোতেই যেন অপমৃত্যু ঘটিল অসম চুক্তিৰ। ‘কা’ৰ জৰিয়তে অসমত প্ৰথমজন বাংলাদেশী ভাৰতীয় হ’ল। মুখ মেলি চাই থাকিল জাতীয় সংগঠনৰ নেতাই। আজিৰ তাৰিখতো নিৰ্লজ্জভাৱে অসম গণ পৰিষদৰ নেতাই আসৈ মাতিলে- তেওঁলোকে হেনো কা নামানে। এক দীৰ্ঘম্যাদি সমস্যা আকৌ এবাৰ বুকুত বহুৱাই ললে কেৱল অসম আৰু অসমীয়াই। কোনোবাই গাদী বচালে, কোনাবাই তথাকথিত সন্মান। ৰাজনীতি, অৰিয়াঅৰি, প্ৰতাৰণাৰ শেষত, ডেগাৰ বহিল কেৱল অসম মাতৃৰ বুকুত। এতিয়া অসমীয়াই কৰিবই বা কি, চাবই বা কাৰ মুখলৈ!

অথলে গ’ল জাতীয় সংগঠনৰ নেতাৰ হুংকাৰ, প্ৰতিবাদ
ধৃতৰাষ্ট্ৰৰ দৰে বহি থাকিল ‘আঞ্চলিকতাবাদী’ অগপৰ বৰমূৰীয়া
ধোঁৱাচাঙত উঠিল অসম চুক্তি
এলান্ধু লাগিল ৬নং দফাত!

বদনাম আছে, অসমে মাথোঁ আন্দোলনহে কৰে। তাৰপিছত ধোৱাচাঙত উঠে সকলো চুক্তি, সকলো প্ৰতিশ্ৰুতি কিম্বা আইন-আদালতৰ যুঁজ। যুক্তি-সত্যনিষ্ঠতা-হুংকাৰ সকলোৰে অপমৃত্যু ঘটে। সেই বদনামে যেন এতিয়া সঁচা ৰূপ পাইছে।
‘কা’ৰ জৰিয়তে অসমত প্ৰথমজন বাংলাদেশী ভাৰতীয় হ’ল
ভাৰতীয় নাগৰিকত্ব লাভ কৰিলে বাংলাদেশৰ দুলন কুমাৰ দাসে
ইয়াৰ লগে লগে অসমত ‘কা’ কাৰ্যকৰীকৰণ প্ৰক্ৰিয়া আৰম্ভ হ’ল

এটা প্ৰজন্মই চকুৰে দেখা সেই ব্যাপক আন্দোলনৰ কথা আপুনিও হয়তো শুনিছে। যাক অভিহিত কৰা হৈছিল অসম আন্দোলন হিচাপে। তেতিয়াৰ সদৌ অসম ছাত্ৰ সন্থা আৰু ভাৰত চৰকাৰৰ মাজত স্বাক্ষৰিত হৈছিল অসম চুক্তি। তাৰিপছতো চলিছিল টনা আজোঁৰা। ৫১ নে ৭১ সেই লৈও আছিল দ্বিমত। কিন্তু সকলো কথা-বতৰা যেন এতিয়া ধোঁৱাচাঙত উঠিল।

৩৯ বছৰ অতিক্ৰম কৰি ৪০ বছৰত সোমাল অসম চুক্তি

চুক্তিৰ চত্বাৰিংশতম্ বৰ্ষৰ দিনটোতে বাংলাদেশীয়ে লাভ কৰিলে ভাৰতৰ নাগৰিকত্ব

অথলে গ’ল জাতীয় সংগঠনৰ নেতাৰ হুংকাৰ, প্ৰতিবাদ। অস্তিত্বহীন হৈ পৰিল ঐতিহাসিক অসম চুক্তি। কাঁটা তাঁৰ পাৰ হৈ আহি সোমবাৰে আনুষ্ঠানিকভাৱে ভাৰতীয় হ’ল দুলন। অনলাইন এপত আৰ্জি জনাই দুলন কুমাৰ দাস হৈ পৰিল স্বাভিমানী অসমীয়া। জনালে অধিবক্তাই।

তাৰ মাজতে আহে ‘কা’ আন্দোলনৰ প্ৰসংগও। পাঁচজনকৈ লোক শ্বহীদ হল। কা কোনোকালেই নামানো বুলি কোৱা জাতীয় বহু নেতাৰো মাতবোৰ থৰক বৰক হল। আৰু কেন্দ্ৰীয় চৰকাৰ-অসম চৰকাৰৰ কা প্ৰযোজ্য হবই বোলা কথাষাৰি অৱশেষত সঁচা হল। ন্যায়ালয়ত আছে কাৰ সামগ্ৰিক বিষয়। তাৰপিছতো যেন চৰকাৰে নিজৰ স্থিতিত অটল। লক্ষ্য স্থিৰ। ২০১৪ চনৰ আগত অহা নিপীড়িত হিন্দু, শিখ, বৌদ্ধ, জৈন কিম্বা পাৰ্চীয়ে লাভ কৰিবই ভাৰতৰ নাগৰিকত্ব। এই সামগ্ৰিক ঘটনাপ্ৰবাহে আজিৰ দিনটোত দেখাদেখিকৈ, খোলাখুলিকৈ যেন নস্যাত কৰিলে অসম চুক্তিক। মুখ্যমন্ত্ৰীয়েও কলে-
আছুৱে লাজ পাব লাগে : মুখ্যন্ত্ৰী

‘কা আন্দোলনৰ নামত আছুৱে শ্বহীদ দিৱস পাতিলে ৰাজ্য চৰকাৰে পাতিব প্ৰৱঞ্চনা দিৱস’

সংগঠনৰ নেতাসকলৰ মন্তব্যই আজিও শূন্য সহনশীলতাৰ কথা কয় যদিও কাৰ্যতঃ এইবোৰ কেৱল কথাৰ কথা বুলিহে যেন প্ৰমাণিত হৈছে। প্ৰথমজন বাংলাদেশীয়ে নাগৰিত্ব লাভ কৰা এই বিষয়টোৱেই ইয়াৰ প্ৰমাণ। তাৰ লগতে আপুনি মই সকলোৱে জানো, অসম আন্দোলনৰ গইনা লৈয়ে গঠন হোৱা ৰাজ্যৰ প্ৰথমটো আঞ্চলিকতাবাদী দল অগপৰ কথা। আজি বিজেপি শাসিত অসম চৰকাৰৰ এক অংগ হৈ যেন অতুল বৰা, কেশৱ মহন্তইও সোলোকাই পেলাইছে আঞ্চলিকাতাবাদৰ পোছাক। বহিৰাগতৰ বিৰুদ্ধে আন্দোলন কৰি আজি বহিৰাগতকেই ৰঙা দলিচা পাৰি দিয়াতো নিমাত এসমত অসমীয়াৰ বুকুৰ কুটুম অসম গণ পৰিষদৰ বৰমূৰীয়া। ভৰপক কা আন্দোলন দেখি চল চাই কঠিয়া পৰা অগপ নেতৃত্বই সেই সময়ত মন্ত্ৰী পদো ত্যাগ কৰাৰ এখন নাটক কৰিছিল। কিন্তু গাদীৰ মোহ এৰিব নোৱাৰি গোটাচেৰেক দিন পিছতেই সকলো হৈ পৰিল ধোৱা তুলসীৰ পাত। ইমানৰ পিছতো ন্যায়ালয়ৰ দোহাই দি মন্তব্য দিলে অগপৰ ফণীভূষণ চৌধুৰীয়ে। তেওঁলোকে হেনো এতিয়াও মানি নলয় কা।

AIUDFৰ ৰফিকুল ইছলামেও অগপক তাচ্ছিল্য কৰি ক’লে, এয়া আৰম্ভণিহে। ইয়াৰ পিছত আৰু আধিক নিৰ্লজ্জ আত্মসমপৰ্ণৰ দিশে আগবাঢ়িব অগপ। ইয়াৰে বহুজনেই হেনো স্পষ্ট কথা কয়। কিন্তু অসম-অসমীয়াৰ ভৱিষ্যত স্পষ্ট কৰিব নোৱাৰে। বহুতেই কা মানি নলয়। কিন্তু কাৰ বিৰুদ্ধে চৰকাৰৰ ওচৰত এক স্পষ্ট বিৰোধ জাহিৰ কৰিব নোৱাৰে। বহুতেই হেনো আকৌ আন্দোলন কৰে, কিন্তু আন্দোলনত অসমীয়াৰ মৃত্যু, অসমীয়াৰ ওপৰত লাঠিৰ কোব বন্ধ কৰিব নোৱাৰে। প্ৰকৃততে কোনোৱেই যেন একোৱেই কৰিব নোৱাৰে। আৰু ইয়াৰ দীৰ্ঘম্যাদি ফল ভোগ কৰিবলগীয়া হয় অসমীয়াই। আজিৰ তাৰিখত এয়া যেন কেৱল খবৰ নহয়, এয়া অথঃ অসম সংবাদ।

Popular

More like this
Related

ধিঙৰ খেতিপথাৰত কৃষকে গৰুক খুৱাইছে পাচলি

ৰাজ্যৰ শাক-পাচলিৰ‌ বজাৰত জ্বলিছে‌ জুই। বিভিন্ন চহৰ নগৰৰ বজাৰত...

ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ স্বাস্থ্য বিভাগৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ

ৰাজ্যত সুস্থ জীৱনশৈলী বিষয়ক সজাগতা আৰু অনুশীলনক অভিযান আকাৰে...

১২ ঘণ্টাৰ ভিতৰত গুৱাহাটীত দুগৰাকীকৈ যুৱতীৰ মৃতদেহ উদ্ধাৰ

১২ ঘণ্টাৰ ভিতৰত গুৱাহাটীত দুগৰাকীকৈ যুৱতীৰ মৃতদেহ উদ্ধাৰ। শুকুৰবাৰে...

উমৰাংছ’ৰ অবৈধ কয়লাখনি চলোৱাৰ নামত গ্ৰেপ্তাৰ আন এজন

প্ৰসংগ: উমৰাংছ’ ট্ৰেজেডী। কয়লাখনিত উদ্ধাৰ অভিযানৰ আজি চতুৰ্থ দিন।...