দেশে আজি উদযাপন কৰিছে ৭৮ সংখ্যক স্বাধীনতা দিৱস

স্বাধীনতাৰ ৰঙেৰে…
যেতিয়া মাজৰাতি সমগ্ৰ পৃথিৱী শুই আছিল,
তেতিয়া ভাৰতে জীৱন আৰু স্বাধীনতাৰ বাবে সাৰ পালে
…

ভাৰতৰ নৱ প্ৰতিষ্ঠিত সংসদত নেহৰুৰ এই ভাষণ আছিল প্ৰথমজন স্বাধীন ভাৰতীয় প্ৰধানমন্ত্ৰীৰ। দেশে স্বাধীনতা পালে। বগা চাহাবৰ শাসনৰ কাৰাৰ কপাট খুলি ’৪৭ৰ মাজৰাতি দেশ জাগি উঠিল। সমগ্ৰ দেশত উৰিল স্বাভিমানী ত্ৰিৰংগ পতাকা। সেই স্বাধীনতাই দিলে দেশবাসীক নৱতম প্ৰভাত। মুক্ত, স্বাধীন। আৰু সেই মুক্তিৰে প্ৰতিফলন আজি দেশৰ আকাশে বতাহে। উন্মুক্ত ত্ৰিৰংগাই উদ্বুদ্ধ কৰিছে প্ৰতি ভাৰতীয়ক। গুঞ্জৰিত হৈছে দেশৰ প্ৰান্তে প্ৰান্তে ভাৰত মাতা কী জয়– বন্দে মাতৰম্।

বিভিন্ন প্ৰান্তত ভিন্ন আয়োজন। ৰাজ্যৰো প্ৰতিটো স্থানতে উদযাপিত হ’ল স্বাধীনতাৰ মহোৎসৱ। ৰাজ্যৰ কেবিনেট মন্ত্ৰীসকলো চামিল হ’ল আয়োজিত কাৰ্যসূচীৰ। ভিন্নস্থানত আৰক্ষী, এন চি চি কেডেট, স্কাউট গাইডে জনালে অভিবাদন। স্বাধীনতাৰ ৰঙেৰে উদ্ভাসিত হ’ল সমগ্ৰ ৰাজ্য। কুছকাৱাজৰ অংশগ্ৰহণকাৰীৰ কদমত কঁপি উঠি উৎসৱ আয়োজনৰ বাকৰি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...