দেশে আজি উদযাপন কৰিছে ৭৮ সংখ্যক স্বাধীনতা দিৱস

স্বাধীনতাৰ ৰঙেৰে…
যেতিয়া মাজৰাতি সমগ্ৰ পৃথিৱী শুই আছিল,
তেতিয়া ভাৰতে জীৱন আৰু স্বাধীনতাৰ বাবে সাৰ পালে
…

ভাৰতৰ নৱ প্ৰতিষ্ঠিত সংসদত নেহৰুৰ এই ভাষণ আছিল প্ৰথমজন স্বাধীন ভাৰতীয় প্ৰধানমন্ত্ৰীৰ। দেশে স্বাধীনতা পালে। বগা চাহাবৰ শাসনৰ কাৰাৰ কপাট খুলি ’৪৭ৰ মাজৰাতি দেশ জাগি উঠিল। সমগ্ৰ দেশত উৰিল স্বাভিমানী ত্ৰিৰংগ পতাকা। সেই স্বাধীনতাই দিলে দেশবাসীক নৱতম প্ৰভাত। মুক্ত, স্বাধীন। আৰু সেই মুক্তিৰে প্ৰতিফলন আজি দেশৰ আকাশে বতাহে। উন্মুক্ত ত্ৰিৰংগাই উদ্বুদ্ধ কৰিছে প্ৰতি ভাৰতীয়ক। গুঞ্জৰিত হৈছে দেশৰ প্ৰান্তে প্ৰান্তে ভাৰত মাতা কী জয়– বন্দে মাতৰম্।

বিভিন্ন প্ৰান্তত ভিন্ন আয়োজন। ৰাজ্যৰো প্ৰতিটো স্থানতে উদযাপিত হ’ল স্বাধীনতাৰ মহোৎসৱ। ৰাজ্যৰ কেবিনেট মন্ত্ৰীসকলো চামিল হ’ল আয়োজিত কাৰ্যসূচীৰ। ভিন্নস্থানত আৰক্ষী, এন চি চি কেডেট, স্কাউট গাইডে জনালে অভিবাদন। স্বাধীনতাৰ ৰঙেৰে উদ্ভাসিত হ’ল সমগ্ৰ ৰাজ্য। কুছকাৱাজৰ অংশগ্ৰহণকাৰীৰ কদমত কঁপি উঠি উৎসৱ আয়োজনৰ বাকৰি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...