ঐ ৰাম আয়তীৰ উৰুলি দিয়াহে…এজোপা বট গছ আৰু আঁহত গছৰ মাজত শুভ পৰিণয়!

এখন ব্যতিক্ৰমী বিয়া৷ আয়তীৰ বিয়া নাম, উৰুলি আদিৰে মুখৰিত হ’ল বিয়া চৌহদ। সজাই পৰাই তোলা হ’ল দৰা-কইনাক৷ পিন্ধোৱা হ’ল ন সাজ৷ কিন্তু এইখন বিয়া কোনো যুৱক-যুৱতীৰ মাজত নহয়। বিবাহ কাৰ্য সম্পন্ন হ’ল এজোপা বট গছ আৰু আঁহত গছৰ মাজত৷ এই বিবাহখন সম্পন্ন হৈছে তামুলপুৰ জিলাৰ কালাকুছি গাঁৱৰ বেলতল চুবুৰীত৷ সম্পূৰ্ণ বৈদিক পৰম্পৰা ৰক্ষা কৰি সম্পন্ন কৰা হয় বিবাহ কাৰ্য৷

অঞ্চলটোৰ সহস্ৰাধিক লোক উপস্থিত থকা বিয়াত আয়োজন চলিল ভো ভাতৰো৷ উল্লেখ্য যে, কেইবছৰমান পূৰ্বে অঞ্চলটোৰ এজন লোকে সপোনত এটা মন্দিৰত থকা এজোপা বট আৰু আঁহত গছৰ মাজত বিবাহকাৰ্য সমাপন হোৱা দেখিছিল৷ লোকজনে সপোনত গছ দুজোপাৰ মাজত বিবাহকাৰ্য সম্পন্ন নহ’লে অঞ্চলটোত অপায়-অমংগল হোৱা দেখিছিল৷ এই কথা ৰাইজৰ আগত অৱগত কৰিছিল যদিও বিগত দুটা ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে গছ দুজোপাৰ মাজত বিবাহকাৰ্য সম্পন্ন হোৱা নাছিল৷ উলহ-মালহেৰে, জাক-জমকতাৰে বৈদিক ৰীতি নীতিৰে সম্পন্নহয় বিবাহকাৰ্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IPLৰ অভিজ্ঞতাৰে গুৱাহাটী ৰয়েলছক পথ দেখুৱাব আবু নাচিমে

গুৱাহাটী, ৫ জুলাইঃ অসমৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা আইপিএল অভিজ্ঞ...

ITA মাছখোৱাত ফেশ্বন আৰু উৎকৃষ্টতাৰ ভব্য সমাৰোহ এছিয়ানেট এৱাৰ্ডছ ২০২৬

গুৱাহাটীৰ আইটিএ মাছখোৱা (ITA Machkhowa) প্ৰেক্ষাগৃহত জাকজমকতাৰে অনুষ্ঠিত হৈ...