যেন চিটীবাছহে! মদ খাবলৈ এঘণ্টাৰ বাবে চালকে ৰখাই থলে যাত্ৰীবাহী ৰে’ল

ভাৰত দেশৰ বিষম কথা। সুৰা আসক্তিৰ বাবে এঘণ্টা ৰখাই থলে যাত্ৰীবাহী ৰে’ল! ৰে’লৰ এগৰাকী সহকাৰী চালকে সুৰা পান কৰিবলৈ যোৱাৰ বাবেই ঘটিল অঘটন। এঘণ্টাতকৈও অধিক সময় ৰখাই দিয়া হয় এখন যাত্ৰীবাহী ৰে’ল।

বিহাৰৰ সমষ্টিপুৰ ৰে’ল বিভাগৰ হাছানপুৰ ষ্টেচনত সংঘটিত হৈছে এই আজৱ ঘটনা। ৰাজধানী এক্সপ্ৰেছৰ ক্ৰছিঙৰ বাবে হাছানপুৰ ষ্টেচনত কিছু সময়ৰ বাবে ৰখোৱা হৈছিল ৰেলখন। এটা সময়ত ৰাজধানী এক্সপ্ৰেছে নিজৰ গতি লৈছিল। ৰাজধানী এক্সপ্ৰেছ পাৰ হোৱাৰ লগে লগে ৰেল চলিবলৈ চিগনেল দিয়া হৈছিল। পিছে চিগনেল দিয়াৰ পিছতো ৰেল নচলাত আচম্বিত হৈ পৰে সকলো। ইফালে ৰৈ ৰৈ বিৰক্ত হৈ পৰিছিল যাত্ৰীসকল। চিগনেল দিয়াৰ পিছতো ৰেলে গতি নোলোৱাত বিচাৰ-খোচাৰ আৰম্ভ হয়। ৰেল ৰখোৱাৰ সুযোগতে কাষতে থকা বজাৰত সুৰাপান কৰিবলৈ গুচি গৈছিল লোকো পাইলট কৰণবীৰ যাদৱ। সুৰাত মগন হৈ পাহৰিলে ৰেল চলোৱাৰ কথা। ইঞ্জিনৰ চালকৰ আসনত সহকাৰী লোকো পাইলট উপস্থিত নথকাত খবৰ দিয়া হয় আৰক্ষীক, আৰক্ষীয়ে অৱশেষত অনুসন্ধান কৰি বজাৰত নিচাসক্ত অৱস্থাত উদ্ধাৰ কৰি গ্ৰেপ্তাৰ কৰে যাদৱক। ইতিমধ্যে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে ৰেল ব্যৱস্থাপক আলোক আগৰৱালেই। এই ঘটনা বিয়পি পৰাৰ লগে লগে সম্প্ৰতি সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...