ঐ ৰাম আয়তীৰ উৰুলি দিয়াহে…এজোপা বট গছ আৰু আঁহত গছৰ মাজত শুভ পৰিণয়!

এখন ব্যতিক্ৰমী বিয়া৷ আয়তীৰ বিয়া নাম, উৰুলি আদিৰে মুখৰিত হ’ল বিয়া চৌহদ। সজাই পৰাই তোলা হ’ল দৰা-কইনাক৷ পিন্ধোৱা হ’ল ন সাজ৷ কিন্তু এইখন বিয়া কোনো যুৱক-যুৱতীৰ মাজত নহয়। বিবাহ কাৰ্য সম্পন্ন হ’ল এজোপা বট গছ আৰু আঁহত গছৰ মাজত৷ এই বিবাহখন সম্পন্ন হৈছে তামুলপুৰ জিলাৰ কালাকুছি গাঁৱৰ বেলতল চুবুৰীত৷ সম্পূৰ্ণ বৈদিক পৰম্পৰা ৰক্ষা কৰি সম্পন্ন কৰা হয় বিবাহ কাৰ্য৷

অঞ্চলটোৰ সহস্ৰাধিক লোক উপস্থিত থকা বিয়াত আয়োজন চলিল ভো ভাতৰো৷ উল্লেখ্য যে, কেইবছৰমান পূৰ্বে অঞ্চলটোৰ এজন লোকে সপোনত এটা মন্দিৰত থকা এজোপা বট আৰু আঁহত গছৰ মাজত বিবাহকাৰ্য সমাপন হোৱা দেখিছিল৷ লোকজনে সপোনত গছ দুজোপাৰ মাজত বিবাহকাৰ্য সম্পন্ন নহ’লে অঞ্চলটোত অপায়-অমংগল হোৱা দেখিছিল৷ এই কথা ৰাইজৰ আগত অৱগত কৰিছিল যদিও বিগত দুটা ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে গছ দুজোপাৰ মাজত বিবাহকাৰ্য সম্পন্ন হোৱা নাছিল৷ উলহ-মালহেৰে, জাক-জমকতাৰে বৈদিক ৰীতি নীতিৰে সম্পন্নহয় বিবাহকাৰ্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...