থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীক নিলম্বন কৰিলে আদালতে

ফোন কল ভাইৰেল হোৱাৰ বাবে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীক নিলম্বন কৰিলে আদালতে! স্থায়ীভাৱে অপসাৰণৰো সম্ভাৱনা

থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পায়েটোংটাৰ্ণ শিনাৱাত্ৰাক দেশৰ সাংবিধানিক ন্যায়ালয়ে নিলম্বন কৰিছে। তেওঁৰ বিৰুদ্ধে নীতি উলংঘনৰ অভিযোগ উত্থাপিত হৈছিল, যি বিষয় আদালতৰ মজিয়ালৈও গৈছিল। ‘নিউয়ৰ্ক টাইমছ’ৰ প্ৰতিবেদন অনুসৰি, আদালতে নিৰ্দেশ জাৰি কৰি জনাইছে যে, শিনাৱাত্ৰাক প্ৰধানমন্ত্ৰীৰ পদৰ পৰা স্থায়ীভাৱেও অপসাৰণ কৰা হ’ব পাৰে।

বিতৰ্কৰ সূত্ৰপাত এটা ফোন কল ভাইৰেলৰ ঘটনাৰ পৰা। কম্বোডিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী হুন ছেনৰ সৈতে সীমান্ত বিবাদৰ বিষয়ে কথা-বতৰাত শিনাৱাত্ৰাক শুনা গৈছিল। ফোন কল ভাইৰেল হোৱাৰ পিছৰ পৰাই থাইলেণ্ডত ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হয়। বিৰোধী দলসমূহে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হয়। ভাইৰেল হোৱা কথা-বতৰাত শুনা যায় যে, শিনাৱাত্ৰাই কম্বোডিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক ‘আংকল’ বুলি সম্বোধন কৰিছিল। ২০২৩ চনত কম্বোডিয়াৰ প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰিলেও হুন ছেনৰ প্ৰভাৱ এতিয়াও যথেষ্ট। উল্লেখযোগ্য যে, যোৱা মাহত থাইলেণ্ডৰ সৈতে সংঘৰ্ষত কম্বোডিয়াৰ এজন সৈনিকৰ মৃত্যু হৈছিল, যাৰ ফলত দুয়োখন দেশৰ সম্পৰ্কৰ অৱনতি ঘটিছিল। এনে পৰিস্থিতিত কম্বোডিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ সৈতে কথা-বতৰাই থাইলেণ্ডত অস্থিৰতাৰ সৃষ্টি কৰে।

ফোন কল ভাইৰেলৰ পিছৰ পৰা থাইলেণ্ডত বিক্ষোভ আৰম্ভ হয়। কেৱল বিৰোধী দলৰ নহয়, শিনাৱাত্ৰাৰ নিজৰ দলৰ বিধায়কসকলৰো প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হয়। দহ দিনমানৰ আগতে থাইলেণ্ডৰ অন্যতম প্ৰধান ৰক্ষণশীল দল ভুমজাইথাই পাৰ্টিয়ে শিনাৱাত্ৰাৰ নেতৃত্বাধীন জোট চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰে। প্ৰধানমন্ত্ৰীৰ পদৰ পৰা শিনাৱাত্ৰাৰ অপসাৰণৰ দাবীত দেশৰ বিভিন্ন স্থানত প্ৰতিবাদ-বিক্ষোভ আৰম্ভ হয়। তেওঁৰ বিৰুদ্ধে নীতি উলংঘনৰ অভিযোগ তুলি থাইলেণ্ডৰ কেইজনমান ছিনেটৰে সাংবিধানিক ন্যায়ালয়ৰ কাষ চাপে। বিক্ষোভৰ মাজত শিনাৱাত্ৰাই ক্ষমা বিচাৰিছিল, কিন্তু তাৰ কোনো ফল নহ’ল।

বিক্ষোভ তীব্ৰতৰ হোৱাৰ লগে লগে থাইলেণ্ডৰ জোট চৰকাৰ দলত্যাগৰ সন্মুখীন হয়। এজনৰ পিছত এজন বিধায়কৰ দলত্যাগৰ ফলত শিনাৱাত্ৰাৰ চৰকাৰে অতি সোনকালেই অনাস্থা ভোটৰ সন্মুখীন হ’ব লাগিব। আদালতত গোচৰকাৰীয়ে জনাইছে যে, শিনাৱাত্ৰাই থাইলেণ্ডৰ সংবিধান উলংঘন কৰিছে আৰু তেওঁৰ সততাৰ অভাৱ। তেওঁক অপসাৰণৰ আৰ্জি জনোৱা হৈছে। তথাপি, আদালতে তৎক্ষণাৎ তেওঁক অপসাৰণৰ নিৰ্দেশ দিয়া নাই। শিনাৱাত্ৰাক নিলম্বন কৰি আদালতে জনাইছে যে, ভৱিষ্যতে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

শিনাৱাত্ৰা থাইলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী থাকছিনৰ কন্যা। কোটিপতি থাকছিনৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছিল আৰু সামৰিক অভ্যুত্থানৰ পিছত তেওঁ দেশ ত্যাগ কৰিবলৈ বাধ্য হৈছিল। শিনাৱাত্ৰাৰ আগতে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী আছিল শ্ৰেঠা থাভিছিন। তেওঁকো সাংবিধানিক ন্যায়ালয়ে পদচ্যুত কৰিছিল। থাভিছিনৰ বিৰুদ্ধে অভিযোগ আছিল যে, তেওঁ অপৰাধৰ গোচৰত দোষী সাব্যস্ত ব্যক্তিক আইন ভংগ কৰি মন্ত্ৰী পাতিছিল। তেওঁৰ পদচ্যুতিৰ পিছত বিগত বছৰৰ আগষ্টত থাইলেণ্ডৰ ৰজাই শিনাৱাত্ৰাক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...