চিৰযৌৱনা হৈ থকাৰ সপোনেই কাল হ’ল নেকি শ্বেফালিৰ বাবে?

হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু শ্বেফালিৰ। শাৰীৰিকভাৱে সুস্থ থকাৰ পিছতো হ্ৰাস পালে ৰক্তচাপ। দ্ৰুতগতিত ৰক্তচাপ হ্ৰাস পোৱাৰ বাবে হৃদক্ৰিয়া বন্ধ হৈ পৰে। আন কোনো শাৰীৰিক অস্বাভাৱিকতা প্ৰকাশ পোৱা নাই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত। কিন্তু ইয়াৰ পিছতো ৰৈ গৈছে কিছুমান প্ৰশ্ন।

হঠাৎ কিয় হ্ৰাস পালে ৰক্তচাপ? ২৭ জুনৰ দিনা সত্য নাৰায়ণ পূজাৰ বাবে উপবাসে আছিল শ্বেফালি। উপবাসে থকাৰ মাজতে লৈছিল এণ্টি এইজিং ঔষধ। যাৰ বাবেই ৰক্তচাপ হ্ৰাস পোৱাৰ সন্দেহ। শ্বেফালিৰ মৃত্যুৰ তাৎক্ষণিক কাৰণ কাৰ্ডিয়টিক এৰেষ্ট বুলি প্ৰকাশ পাইছে যদিও এণ্টি এইজিং দৰৱ, যৌৱন ধৰি ৰক্ষাৰ বাবে লোৱা বিভিন্ন কৌশলৰ পাৰ্শ্বক্ৰিয়া বুলিও চৰ্চা হৈছে। শ্বেফালিৰ স্বামী পৰাগত্যাগীয়ে প্ৰকাশ কৰা মতে ২৭ জুনত শ্বেফালিয়ে ব্ৰত ভঙাৰ বাবে খাবলৈ যাওঁতেই হঠাৎ ঢলি কৰে। তাৰ পিছত চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। শ্বেফালিৰ মৃত্যুৰ পিছতে উঠিছে বিভিন্ন প্ৰশ্ন। বয়সৰ প্ৰভাৱ শৰীৰত কমাই ৰখা, যৌৱন ধৰি ৰখা ঔষধবোৰ বিপদজনক হ’ব পাৰে নেকি? এনে ঔষধ ব্যৱহাৰ কৰা সকল সাৱধান হোৱাৰ প্ৰয়োজন আছে। মাত্ৰ ৪২ বছৰতে শ্বেফালীৰ মৃত্যুয়ে চৰ্চালৈ আনিছে এই বিষয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চীনে সাজু কৰিছে ‘জলবোমা’

চীনে সাজু কৰিছে ‘জলবোমা’। উদ্বিগ্ন অৰুণাচলৰ লগতে চিয়াং, ব্ৰহ্মপুত্ৰৰ...

কন্যাৰ বিয়াৰ দিনটোতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু পিতৃৰ

ঢকুৱাখনাত শোকাৱহ ঘটনা। কন্যাৰ বিয়াৰ দিনটোতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু...

অস্বাভাৱিকভাৱে শুকাই গৈছে পাগলাদিয়া নৈৰ জলস্তৰ

অস্বাভাৱিকভাৱে শুকাই গৈছে নলবাৰীৰ পাগলাদিয়া নৈৰ জলস্তৰ। ভৰ বাৰিষাৰ...

পত্নীৰে বিবাহ বিচ্ছেদ কৰি আনন্দ উল্লাস এজন লোকৰ

পত্নীৰে বিবাহ বিচ্ছেদ কৰি আনন্দ উল্লাস এজন লোকৰ। আনন্দত...