ভাৰতত বৈদ্যুতিক গাড়ী নিৰ্মাণ প্ৰকল্প স্থাপন কৰিব টেছলাই

বৈদ্যুতিক গাড়ী নিৰ্মাতা টেছলাই ভাৰতত স্থাপন কৰিব দেশৰ প্ৰথমটো নিৰ্মাণ প্ৰকল্প। গুজৰাটত এই নিৰ্মাণ প্ৰকল্প স্থাপন কৰাৰ প্ৰস্তুতি চলাইছে ইলন মাস্কৰ এই বিদ্যুতিক গাড়ী নিৰ্মাণ প্ৰতিষ্ঠানটোৱে। অহা জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ভাইব্ৰেণ্ট গুজৰাট ছামিটত এই ঘোষণা কৰাৰ সম্ভাৱনা আছে। এই অনুষ্ঠানত টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কো উপস্থিত থাকিব। বিভিন্ন ব্যৱসায়িক সম্ভাৱনা আৰু উপযুক্ত স্থানৰ কথা বিবেচনা কৰি গুজৰাটক টেছলাৰ নিৰ্মাণ কেন্দ্ৰৰূপে বাছনি কৰা হৈছে। ইয়াৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে সানন্দ, ভোলেৰা আৰু বেচাৰাজিকে ধৰি কেইবাটাও স্থান নিৰ্ধাৰণ কৰিছে। গুজৰাটত স্থাপন হ’বলগীয়া টেছলাৰ এই উৎপাদন কেন্দ্ৰৰ পৰাই বিভিন্ন দেশলৈ ৰপ্তানি কৰা হ’ব টেছলাৰ বৈদ্যুতিক গাড়ী। অৱশ্যে ইতিমধ্যে বৈদ্যুতিক গাড়ীৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰাজ সাহায্য প্ৰদান কৰা নহয় বুলি চৰকাৰে প্ৰকাশ কৰিছে যদিও টেছলাই সম্পূৰ্ণৰূপে নিৰ্মাণ কৰা গাড়ীৰ আমদানিৰ ক্ষেত্ৰত ১৫–২০ শতাংশ আমদানি শুল্ক ৰেহাই দিয়াৰ সম্ভাৱনা আছে।

ভাৰতত বৈদ্যুতিক গাড়ী নিৰ্মাণ প্ৰকল্প স্থাপন কৰিব টেছলাই
ভাৰতত স্থাপন কৰা এইটোৱেই হ’ব দেশৰ প্ৰথমটো নিৰ্মাণ প্ৰকল্প
গুজৰাটত এই নিৰ্মাণ প্ৰকল্প স্থাপন কৰাৰ প্ৰস্তুতি
অহা জানুৱাৰীত এই প্ৰকল্প ঘোষণা কৰাৰ সম্ভাৱনা
ভাইব্ৰেণ্ট গুজৰাট অনুষ্ঠানত ঘোষণা কৰা হ’ব এই কথা
টেছলাৰ CEO ইলন মাস্কো উপস্থিত থাকিব অনুষ্ঠানত
গুজৰাটৰ কেইবাটাও স্থান নিৰ্ধাৰণ কৰা হৈছে টেছলাৰ বাবে
ভাৰতত নিৰ্মিত বৈদ্যুতিক গাড়ী ৰপ্তানি কৰা হ’ব বিদেশলৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...