ভাৰতত আল কায়দা, তেহৰিক-এ-তালিবানৰ সদস্যভৰ্তি

আল কায়দা আৰু তেহৰিক-এ-তালিবানৰ ভাৰতত সদস্যভৰ্তিক লৈ গুৰুত্বপূৰ্ণ তথ্য সদৰি কৰিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা NIAই। ডেইলী হান্ট নামৰ এক ৰাষ্ট্ৰীয় নিউজ প’ৰ্টেলত NIAক উল্লেখ কৰি এই বাতৰি প্ৰকাশ কৰিছে ‘আজতকে’। অনলাইন যোগে দেশৰ ৫ খন ৰাজ্যৰ নৱপ্ৰজন্মক মৌলবাদৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে সন্ত্ৰাসবাদী সংগঠন দুটাই। ৫ ৰাজ্যৰ আৰক্ষীক সতৰ্ক কৰি দিছে NIAই। তামিলনাডু, মহাৰাষ্ট্ৰ, কৰ্ণাটক, গুজৰাটৰ লগতে এই ৫ খন ৰাজ্যৰ ভিতৰত আছে অসমো। তাকে লৈ অসম আৰক্ষীত একপ্ৰকাৰ খলকনিৰ সৃষ্টি হৈছে। সদনৰ বাহিৰত এই প্ৰসংগতে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত কংগ্ৰেছ-AIUDFক আক্ৰমণ মন্ত্ৰী পীযুষ হাজৰিকাৰ।

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা NIAৰ বিস্ফোৰক তথ্য
ভাৰতত আল কায়দা, তেহৰিক-এ-তালিবানৰ সদস্যভৰ্তি
ডেইলী হান্ট ‘আজতক’ত প্ৰকাশ পাইছে এই বাতৰি
অসমকে ধৰি ৫ ৰাজ্যৰ যুৱকক টাৰ্গেট সন্ত্ৰাসবাদী সংগঠন দুটাৰ
এই প্ৰসংগতে কংগ্ৰেছ-AIUDFক আক্ৰমণ মন্ত্ৰী পীযুষৰ
যত দোষ নন্দ ঘোষ: দেৱব্ৰত শইকীয়াৰ প্ৰত্যুত্তৰ

মৌলবাদত CONG-AIUDF
‘অসমত মৌলবাদ মানেই কংগ্ৰেছ-AIUDF’
‘তেওঁলোকেই এইবোৰক প্ৰশ্ৰয় দিয়ে’
‘সদনত প্ৰৱেশৰ পূৰ্বেই পীযুষ হাজৰিকাৰ বিস্ফোৰণ’

বৃহস্পতিবাৰে অসম বিধানসভাৰ বাহিৰত মন্ত্ৰী পীযুষ হাজৰিকাৰ এই মন্তব্য আঁৰত আছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা NIAৰ এক বিস্ফোৰক তথ্য। ডেইলী হান্ট নামৰ এক ৰাষ্ট্ৰীয় নিউজ প’ৰ্টেলত NIAক উল্লেখ কৰি এই বাতৰি প্ৰকাশ কৰিছে ‘আজতকে’। সন্ত্ৰাসবাদী সংগঠন আল কায়দা আৰু তেহৰি-এ-তালিবান। অনলাইন যোগে দেশৰ ৫ খন ৰাজ্যৰ নৱপ্ৰজন্মক মৌলবাদৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে সন্ত্ৰাসবাদী সংগঠন দুটাই। ৫ ৰাজ্যৰ আৰক্ষীক সতৰ্ক কৰি দিছে NIAই। তামিলনাডু, মহাৰাষ্ট্ৰ, কৰ্ণাটক, গুজৰাটৰ লগতে এই ৫ খন ৰাজ্যৰ ভিতৰত আছে অসমো। NIAৰ সতৰ্কবাণীত অসমৰ নাম দেখি মন্ত্ৰী পীযুষ হাজৰিকাক প্ৰশ্ন সাংবাদিকৰ। লগে লগেই কংগ্ৰেছ-AIUDFৰ বিৰুদ্ধে গৰজি উঠিল মন্ত্ৰীগৰাকী।

মন্ত্ৰী পীযুষৰ এই মন্তব্যক লৈ এইবাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক প্ৰশ্ন সাংবাদিকৰ। মন্ত্ৰী পীযুষক প্ৰত্যুত্তৰ দিলে দেৱব্ৰত শইকীয়াই। যত দোষ নন্দ ঘোষ।

আচলতে বিষয়টোক লৈ ৰাজনৈতিক দলৰ কোনো প্ৰসংগই নাছিল। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাটোৱে দেশৰ ৫ খন ৰাজ্যক সতৰ্কহে কৰি দিছিল। য’ত দূৰ্ভগ্যজনকভাবে আছে অসমৰো নাম। নতুনকৈ অসমত আল কায়দা অথবা তেহৰিক-এ-তালিবানৰ কোনো যোগসূত্ৰ উদ্ধাৰ কৰা নাই আৰক্ষী অথবা NIAই। কিন্তু সাংবাদিকে মৌলবাদীৰ কথা সুধিলে যেতিয়া, যেন সুযোগেই পালে পীযুষ হাজৰিকাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ছইফ আলী খানৰ পৰিয়ালে হেৰুৱাব পূৰ্বপুৰুষৰ সম্পত্তি!

নিজৰ বাসগৃহত অবৈধ বাংলাদেশীৰ হাতত প্ৰহৃত ঘটনাৰ বিষয়ে আপুনি...

কামাখ্যা মন্দিৰ চৌহদত চলিল EDৰ অভিযান, ৭.৬২ কোটি টকাৰ কেলেংকাৰিৰ তথ্য

কামাখ্যা মন্দিৰ চৌহদত চলিল দেশৰ এক তদন্তকাৰী সংস্থাৰ অভিযান।...

ৰাহুল গান্ধীক কংগ্ৰেছ নেতাৰ বিৰুদ্ধে অখিল গগৈৰ অভিযোগ!

মিত্ৰতাক লৈ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধে ৰাহুল গান্ধীক পত্ৰ...

শ্বুটিং আছে, সাহিত্য সভাৰ পাঠশালা অধিৱেশনলৈ নাযায় জুবিন গাৰ্গ

পাঠশালা সাহিত্য সভাৰ অনুষ্ঠানত উপস্থিত নাথাকিব কণ্ঠশিল্পী জুবিন গাৰ্গ।...