কৃষি বিভাগৰ অদূৰদৰ্শিতাৰ পৰিণতি

মন্ত্ৰী অতুল বৰাৰ গৃহ জিলাতেই কৃষি বিভাগৰ অদূৰদৰ্শিতাৰ পৰিণতি। কৃষকক দিবলৈ ৰুৱা কঠিয়া এতিয়া গৰুৱে খাইছে। ২০ হেক্টৰ ভূমিত এতিয়া চৰিছে গৰু। ৰাজকোষৰ ধনৰ অপচয় দেখি অসন্তুষ্ট সচেতন ৰাইজ।

কৃষি বিভাগৰ অদূৰদৰ্শিতাৰ পৰিণতি
কৃষকে পাবলগীয়া কঠিয়া চোবাইছে গৰুৱে
পৰিকল্পনাৰ বিপৰীত ছবি কৃষি মন্ত্ৰীৰ গৃহ জিলাত

ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত গোলাঘাটৰ ফলঙনি বীজ পামত প্ৰায় ২০ বিঘা ভূমিত কৃষি বিভাগে ৰুইছিল কঠিয়া। উদ্দেশ্য আছিল বানবিড়িত নাইবা কৃষকৰ মাজত বিতৰণ কৰা। কিন্তু যিদৰে পৰিকল্পনা কৰা হৈছিল সেইদৰে নহ’ল। উন্নতমানৰ এই কঠিয়া কৃষকে নাপালে। ফলত এতিয়া গৰুৱে খাইছে উন্মতমানৰ কঠিয়া। কঠিয়াতলিত এৰি দিয়া হৈছে গৰু। কৃষি বিভাগৰ সুপৰিকল্পনাৰ অভাৱৰ বাবেই এই ঘটনা।

বিধায়ক বিশ্বজিত ফুকনে নিজেই কঠিয়া ৰুইছিল এই বীজপামত। লাখ-লাখ টকা খৰছ কৰা হৈছিল এই কামত। এতিয়া সেই বীজ পাম গৰুৰ চৰণীয়া পথাৰত পৰিণত হৈছে। ৰাইজে কিন্তু ইয়াৰ লাভ নাপালে। ৰাজকোষৰ ধন অপচয়হে হ’ল।

চকুৰ সন্মুখতেই চৰকাৰী বীজ গৰুৱে খাইছে। গৰুৱে খাইছে কঠিয়া। কৃষি মন্ত্ৰীৰ গৃহ জিলাতেই ঘটিছে এই ঘটনা। উন্নতমানৰ কঠিয়াৰ এই অপচয় দেখি অসন্তুষ্ট ৰাইজ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...