লখিমপুৰত কৃষি বিভাগৰ নিৰীক্ষকৰ দল

লখিমপুৰ জিলা কৃষি বিভাগৰ বিভিন্ন সমস্যা, কৰ্মচাৰীৰ অভাৱ অভিযোগ, ৰূপায়ন হৈ থকা আঁচনিৰ অগ্ৰগতিৰ বুজ ল’বলৈ তিনিদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰে লখিমপুৰত উপস্থিত হয় অসম কৃষি সঞ্চালকালয়ৰ বিভাগীয় এটা নিৰীক্ষকৰ দল। দলটোত আহে কৃষি বিভাগৰ সহকাৰী সঞ্চালক অৰূপ কুমাৰ দত্ত আৰু সঞ্চালকালয়ৰ কৃষি উন্নয়ন বিষয়া নিপম দত্ত।

পৰিদৰ্শন কালত দলটোৱে জিলাখনত থকা কৃষক উৎপাদক কোম্পানীৰ কাৰ্যালয়সমূহ প্ৰত্যক্ষ কৰে তথা কৃষি পদ্ধতিৰ মূল্যাংকনৰ লগতে কৃষকসকলৰ মনৰ ভাৱ ল’বলৈ চেষ্টা কৰে।

দলটোৱে কৃষক উৎপাদক কোম্পানীকেইটাৰ ভৱিষ্যত দিনত হ’ব পৰা অধিক লাভৱানৰ সম্ভাৱনীয়তাসমূহৰ সম্পৰ্কতো বহু উল্লেখনীয় পৰামৰ্শ আগবঢ়ায়।

দলটোৱে প্ৰথমতে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ কাৰ্যালয়টো পৰিদৰ্শনৰ লগতে বিভাগীয় বিষয়া-কৰ্মচাৰীসকলৰ সৈতে মত-বিনিময় কৰি কাৰ্যালয়ৰ ভিন্ন সমস্যাৰ বুজ লয়। তাৰ পিছত বিভাগৰ অন্তৰ্গত মাটিৰ মান পৰীক্ষাগাৰ, বীজ ফাৰ্ম পৰিদৰ্শন কৰে।

ইয়াৰ পিছতে দলটোৱে লালুক কৃষি চক্ৰৰ অন্তৰ্গত কৰুণাবাৰীস্থিত শীতলী গৃহ পৰিদৰ্শন কৰি শেহতীয়া অৱস্থিতি পৰ্যবেক্ষণ কৰে।

দলটোৱে জিলাখনৰ তিনিওটা মহকুমা সামৰি কৃষকসকলে লাভ কৰি থকা সা- সুবিধাসমূহ, সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বান, ভৱিষ্যত পৰিকল্পনা আদি বিষয় সন্দৰ্ভত বিস্তৃত ৰূপত আলোচনা কৰে।

ইয়াৰ উপৰিও নিৰীক্ষকৰ দলটোৱে বগীনদীৰ বকুলবাৰী গাঁৱত অৱস্থিত অইল পাম/তৈল খেজুৰৰ নাৰ্চাৰী পৰিদৰ্শন কৰাৰ লগতে ইয়াৰ সামগ্ৰীক দিশ পৰ্যবেক্ষণ কৰে। আনহাতে আঁচনিৰ বাবে লখিমপুৰ জিলাৰ দায়িত্বত থকা 3F Oil Palmৰ এই নাৰ্চাৰীখন তন্ন তন্নকৈ পৰ্যবেক্ষণ কৰাৰ লগতে জিলাখনত অইল পামৰ খেতি কিদৰে সফল কৰি তুলিব পাৰি সেই বিষয়ে জিলা কৃষি বিভাগৰ বিষয়াসকল আৰু নাৰ্চাৰীখনৰ বিষয়ববীয়াসকলৰ সৈতে মতবিনিময় কৰে নীৰিক্ষনত দলটোৱে।

এই ভ্ৰমণ কালতে বিগত বৰ্ষত লখিমপুৰ জিলাৰ বগীনদীৰ বোকানলাত কৃষি বিভাগ আৰু থ্ৰী এফ অইল পামৰ উদ্যোগত ৰোপণ কৰা তৈল খেজুৰ গছৰ শেহতীয়া স্বাস্থ্যৰো বুজ লয়। লগতে তৈল খেজুৰৰ খেতি কৰি থকা অঞ্চলটোৰ বিহুকেইগৰাকী কৃষকৰ লগটো আলাপ আলোচনা কৰে।

সমান্তৰালভাৱে দলটোৱে নাৰায়ণপুৰ কৃষি চক্ৰৰ অন্তৰ্গত বহুকেইজন প্ৰগতিশীল কৃষকৰ কৃষি ক্ষেত্ৰ পৰিদৰ্শন কৰিও কাম- কাজৰ বুজ লয়। নাৰায়ণপুৰস্থিত মাধৱদেৱ কৃষক উৎপাদন কোম্পানীৰ শেহতীয়া কাম- কাজৰো অগ্ৰগতিৰ বুজ লয়।

এই পৰিদৰ্শন কালত দলটোক সংগ প্ৰদান কৰে মহকুমা কৃষি বিষয়া মনোৰঞ্জন পাতিৰ, জ্যেষ্ঠ কৃষি উন্নয়ণ বিষয়া, সংশ্লিষ্ট কৃষি উন্নয়ন বিষয়াসকল প্ৰমুখ্যে বিভাগৰ অন্যান্য বিষয়া-কৰ্মচাৰীসকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...