টীম ইণ্ডিয়াই পালে নতুন স্প’নছৰ; ১খন মেচৰ বাবে কিমান টকা দিব নতুন স্প’নছৰে?

এছিয়া কাপৰ উত্তেজনাৰ মাজত এটা ডাঙৰ খবৰ পোহৰলৈ আহিছে। টীম ইণ্ডিয়াই তেওঁলোকৰ জাৰ্চিৰ বাবে নতুন স্প’নছৰ পাইছে। স্পনছ’ৰৰ অঘোষিত প্ৰতিযোগিতাত জয়ী হৈছে এপ’ল’ টায়াৰ্ছ। এতিয়া ড্ৰীম 11ৰ স্থানত টীম ইণ্ডিয়াৰ জাৰ্চিত স্থান লাভ কৰিব এপ’ল’ টায়াৰ্ছে। এপ’ল’ টায়াৰ্ছৰ সৈতে টীম ইণ্ডিয়াৰ এই চুক্তি ২০২৭ চনলৈকে চলিব। এই সময়ছোৱাত ভাৰতে প্ৰায় ১৩০খন মেচ খেলিব।

এতিয়া প্ৰশ্ন হৈছে, এই চুক্তিৰ মূল্য কিমান? প্ৰতিবেদন অনুসৰি, এপ’ল’ টায়াৰ্ছে প্ৰতিখন মেচৰ বাবে প্ৰায় ৪.৫ কোটি টকা প্ৰদান কৰিব, যি পূৰ্বৰ চুক্তিৰ তুলনাত ৫০ লাখ টকা অধিক। ড্ৰীম ইলেভেনৰ চুক্তি আছিল প্ৰতি মেচৰ বাবে ৪ কোটি টকাৰ।

টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি, টীম ইণ্ডিয়াৰ জাৰ্চিৰ স্পনছৰ হ’বলৈ কেনভা আৰু জেকে টায়াৰো প্ৰতিযোগিতাত নামিছিল। কিন্তু এপ’ল’ টায়াৰ্ছে এই দুয়োটা কোম্পানীক পিছ পেলাই এই চুক্তি নিজৰ নামত কৰিছে। ইয়াৰ উপৰিও বিৰ্লা অপটাছ পেইণ্টছে স্প’নছৰ হ’বলৈ আগ্ৰহ প্ৰকাশ কৰিছিল, কিন্তু তেওঁলোকে নিলামত অংশগ্ৰহণ কৰা নাছিল।

টীম ইণ্ডিয়াৰ স্প’নছৰ হ’বলৈ নিলাম ১৬ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল, যদিও ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) ২ ছেপ্টেম্বৰত নিলামৰ বাবে আমন্ত্ৰণ জনাইছিল। BCCIয়ে তেওঁলোকৰ প্ৰেছ বিজ্ঞপ্তিত স্পষ্ট কৰি দিছিল যে গেমিং, বেটিং, ক্ৰিপ্টো আৰু ধঁপাতৰ সৈতে জড়িত কোম্পানীসমূহে স্প’নছৰশ্বিপৰ বাবে আবেদন কৰিব নোৱাৰে। ইয়াৰ উপৰিও বেংকিং, বিত্তীয় কোম্পানী আৰু ক্ৰীড়াৰ সামগ্ৰী নিৰ্মাণকাৰী কোম্পানীসমূহকো BCCIয়ে নিলামৰ পৰা বঞ্চিত কৰিছিল।

কেতিয়াৰ পৰা টীম ইণ্ডিয়াৰ জাৰ্চিত দেখা যাব এপ’ল’ৰ ল’গ’?

টীম ইণ্ডিয়াই বৰ্তমান এছিয়া কাপ ২০২৫ত অংশগ্ৰহণ কৰি আছে, যি UAEৰ দুখন চহৰ আবু ধাবি আৰু ডুবাইত অনুষ্ঠিত হৈছে। ভাৰতীয় দলে এই বহুজাতিক প্ৰতিযোগিতাত বিনা স্প’নছৰৰ জাৰ্চিৰে খেলি আছে। এপ’ল’ টায়াৰ্ছে ভাৰতৰ জাৰ্চিৰ নতুন স্প’নছৰশ্বিপ লাভ কৰিছে, কিন্তু তেওঁলোকৰ ল’গ’ এই প্ৰতিযোগিতাৰ পিছতহে ভাৰতীয় দলৰ জাৰ্চিত দেখা যাব বুলি সম্ভাৱনা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...