অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত প্ৰয়াত উদ্যোগপতি ৰতন টাটাৰ স্মৃতিত নিৰ্মাণ কৰা হ’ব এটা ভৱন

অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত প্ৰয়াত উদ্যোগপতি ৰতন টাটাৰ স্মৃতিত নিৰ্মাণ কৰা হ’ব এটা ভৱন। অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ চমাৰভিল কলেজ আৰু টাটা গ্ৰুপে ৰতন টাটাৰ স্মৃতিত নিৰ্মাণ কৰিব এই ভৱন। এই ভৱন সম্পূৰ্ণ হৈ উঠিলেই অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত স্থায়ী হৈ ৰ’ব ৰতন টাটাৰ স্মৃতি। ভৱনটোৰ নামকৰণ কৰা হ’ব ৰতন টাটা বিল্ডিং ৰূপে। অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ নতুন ৰেডক্লিফ অবজাৰভেটোৰি কোৱাৰ্টাৰৰ সন্মুখত অহা ফেব্ৰুৱাৰী–মাৰ্চৰ ভিতৰত আৰম্ভ হ’ব ৰতন টাটা বিল্ডিঙৰ নিৰ্মাণ কাৰ্য। টাটাৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ বাবেই ভৱনটোৰ নাম ৰতন টাটা বিল্ডিং ৰখা হৈছে। টাটা চনছৰ অধ্যক্ষ এণ্ড চন্দ্ৰশেখৰনে প্ৰকাশ কৰা মতে ভৱনটো ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ গৱেষণাৰ কেন্দ্ৰৰূপে গঢ়ি তোলা হ’ব। ৰতন টাটা ভৱনত থাকিব নতুন ছেমিনাৰ হল আৰু কাৰ্যালয়ৰ লগতে পঢ়া–শুনাৰ বিশেষ স্থান, অভ্যৰ্থনা কক্ষ আৰু শিক্ষাবিদসকলৰ পৰিদৰ্শনৰ ব্যৱস্থাও থাকিব। উল্লেখ্য যে যোৱা ৯ অক্টোবৰত মৃত্যুক সাৱটি লোৱা ৰতন টাটাৰ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ সৈতে আছিল বিশেষ সম্পৰ্ক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...