তপন কুমাৰ ডেকাক IBৰ বিশেষ সঞ্চালকৰ দায়িত্ব

গুৱাহাটী, ২৫ জুন, NKTV: IPS তপন কুমাৰ ডেকাই বৃহস্পতিবাৰে চোৰাংচোৱা বিভাগৰ (আইবি) বিশেষ সঞ্চালক হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। গৃহ মন্ত্ৰালয়ে দাখিল কৰা প্ৰস্তাৱৰ ভিত্তিত ২৩ জুন, বুধবাৰে কেবিনেটৰ নিযুক্তি সমিতিয়ে ডেকাৰ নিযুক্তিকে ধৰি ১৪জন আইপিএছৰ পদোন্নতিত অনুমোদন জনায়।

ভাৰতীয় আৰক্ষী সেৱাৰ (আইপিএছ) বিষয়া তপন কুমাৰ ডেকা ১৯৮৮ চনৰ বেটচৰ। তেওঁ অতিৰিক্ত সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল আৰু ২৮ ফেব্ৰুৱাৰীত তেওঁৰ অৱসৰৰ সময়ৰ বাবে, পদৰ দায়িত্ব গ্ৰহণৰ তাৰিখৰ পৰা বা পৰৱৰ্তী আদেশলৈকে অস্থায়ীভাৱে বিশেষ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে।

কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগ, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ৰ এক চৰকাৰী জাননীৰ দ্বাৰা এই বিষয়ে অৱগত কৰা হৈছে। ডেকা হিমাচল কেডাৰৰ আইপিএছ বিষয়া আৰু তেওঁৰ কেৰিয়াৰৰ বেছিভাগ সময় আইবিত অতিবাহিত কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...