তপন কুমাৰ ডেকাক IBৰ বিশেষ সঞ্চালকৰ দায়িত্ব

গুৱাহাটী, ২৫ জুন, NKTV: IPS তপন কুমাৰ ডেকাই বৃহস্পতিবাৰে চোৰাংচোৱা বিভাগৰ (আইবি) বিশেষ সঞ্চালক হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। গৃহ মন্ত্ৰালয়ে দাখিল কৰা প্ৰস্তাৱৰ ভিত্তিত ২৩ জুন, বুধবাৰে কেবিনেটৰ নিযুক্তি সমিতিয়ে ডেকাৰ নিযুক্তিকে ধৰি ১৪জন আইপিএছৰ পদোন্নতিত অনুমোদন জনায়।

ভাৰতীয় আৰক্ষী সেৱাৰ (আইপিএছ) বিষয়া তপন কুমাৰ ডেকা ১৯৮৮ চনৰ বেটচৰ। তেওঁ অতিৰিক্ত সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল আৰু ২৮ ফেব্ৰুৱাৰীত তেওঁৰ অৱসৰৰ সময়ৰ বাবে, পদৰ দায়িত্ব গ্ৰহণৰ তাৰিখৰ পৰা বা পৰৱৰ্তী আদেশলৈকে অস্থায়ীভাৱে বিশেষ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে।

কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগ, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ৰ এক চৰকাৰী জাননীৰ দ্বাৰা এই বিষয়ে অৱগত কৰা হৈছে। ডেকা হিমাচল কেডাৰৰ আইপিএছ বিষয়া আৰু তেওঁৰ কেৰিয়াৰৰ বেছিভাগ সময় আইবিত অতিবাহিত কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...