তামান্না ভাটিয়া আৰু বিজয় বাৰ্মাই দিলে ভাল খবৰ, কি এই ভাল খবৰ?

সম্প্ৰতি চৰ্চাত বিজয় বাৰ্মা আৰু তামান্না ভাটিয়া। দুয়ো বলীউডৰ ‘হিট যুটি’। অনুৰাগীক ভাল খবৰ দিলে তাৰকাযুটিয়ে। পিছে কি এই ভাল খবৰ?

দুয়োৰে প্ৰেম কাহিনীয়ে গৰম কৰি ৰাখিছে বলীউডৰ বতাহ। বিগত সময়ত সৰ্বত্ৰ চৰ্চা লাভ কৰিছিল তামান্না ভাটিয়া-বিজয় বাৰ্মাৰ প্ৰেম কাহিনীয়ে। শেহতীয়া খবৰ অনুসৰি, শীঘ্ৰেই বৈবাহিক বান্ধোনেৰে বান্ধ খাবলৈ সাজু হৈছে দুয়ো। প্ৰেমৰ সম্পৰ্ক ৰাজহুৱা কৰাৰ পাছতে বিবাহৰ বাবে সাজু হৈছে তামান্না-বিজয়। বিবাহৰ সময় প্ৰায় নিশ্চিত কৰিছে দুয়ো।

২০২৫ৰ আৰম্ভণিতে দুয়োৰে বিবাহ সম্পন্ন হোৱাৰ সম্ভাৱনা। শীঘ্ৰে মুম্বাইত দুয়ো ক্ৰয় কৰিব এটা বিলাসী এপাৰ্টমেণ্ট। বিয়াৰ পাছত উক্ত এপাৰ্টমেণ্টতে বাস কৰিব তাৰকাযুটিটোৱে।

উল্লেখ্য যে, ২০২৩ত অ’টিটি প্লেটফৰ্মত মুক্তি লাভ কৰা ‘লাষ্ট ষ্টৰীজ 2’ত একেলগে অভিনয় কৰিছিল বিজয়-তামান্নাই। তেতিয়াই প্ৰেমত পৰিছিল ইজনে আনজনৰ। প্ৰায় ডেৰ বছৰীয়া প্ৰেমৰ পাছত বৈবাহিক বান্ধোনেৰে বান্ধ খাবলৈ সাজু হৈছে এই জনপ্ৰিয় তাৰকজুটি। দুয়োৰে বিয়াৰ খবৰে উৎফুল্লিত কৰিছে বিজয়-তামান্নাৰ অনুৰাগীক। শীঘ্ৰেই বিয়াৰ স্থান আৰু তাৰিখ ঘোষণা কৰিব তামান্না ভাটিয়া আৰু বিজয় বাৰ্মাই। তাৰকা যুটিটোৰ বিয়ালৈ আগ্ৰহেৰে অপেক্ষা একাংশ অনুৰাগীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...