ইংৰাজীত গুণমালা বৈ উলিয়াই চৰ্চাত পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া

কীৰ্তন, দশম, গুণমালাতে আছে তুৱা গুণ নাম। কাজী শিপিনীৰ কাজৰ কাম। পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ নতুন চমক। ২০১৩ চনৰ পৰাই তাঁ‌তশালত ধৰ্ম গ্ৰন্থ বৈ থকা মৰাণৰ হেমপ্ৰভা চুতীয়াই ইতিমধ্যে গুণমালা, নামঘোষা, ভাগৱত গীতা সংস্কৃতত আৰু ভাগৱত গীতা ইংৰাজীতো বৈ উলিয়াইছে। এইবাৰ ৰাজ্যবাসীৰ লগতে মৰাণবাসী বাবে আহিছে আন এক গৌৰৱৰ খবৰ। শেহতীয়াকৈ হেমপ্ৰভা চুতীয়াই বৈ উলিয়াইছে পঞ্চমখন ধৰ্ম পুথি গুণমালা। এইবাৰ ইংৰাজীত গুণমালা বৈ উলিয়াই চৰ্চাত হেমপ্ৰভা চুতীয়া। ইংৰাজীত গুণমালা বৈ উলিয়াওতে সময় লৈছে ২ বছৰ ৯ মাহ। প্ৰায় ৩৫ হেজাৰ বাঁহৰ কাঠিৰে বৈ উলিওৱা গ্ৰন্থভাগিৰ দৈৰ্ঘ্য ১৬৫ ফুট। দুটা খণ্ডত বৈ উলিওৱা গ্ৰন্থভাগিৰ মুঠ দৈৰ্ঘ্য ২৩০ ফুট।

২ বছৰ ৯ মাহ ২৮ দিনৰ অন্তত এৰি সূতা দীঘ আৰু বাঁহৰ কাঠি বাণী হিচাপে লৈ ধৰ্মীয় পুথিভাগৰ ৪টা অধ্যায় আৰু এৰি সূতাৰ দীঘ ততা বাণী হিচাপে লৈ দুটা অধ্যায় তাঁত শালত বৈ উলিয়াইছে কাজী শিপিনী পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই। ধৰ্মীয় বস্ত্ৰ ভাগ বোৱাৰ ক্ষেত্ৰত বাঁ‌হৰ কাঠিকে ধৰি সকলো সামগ্ৰী নিজেই প্ৰস্তুত কৰি লৈছিল হেমপ্ৰভা চুতীয়াই। মৰাণৰ ৩৪ টা নামঘৰৰ উদ্যোগত মৰাণ ফটিকাছোৱা অভয়াপুৰীয়া স্থিত কালশিলা সত্ৰত অনুষ্ঠিত হোৱা ধৰ্মিয় অনুষ্ঠানত মন্ত্ৰী বিমল বড়াই উন্মোচন কৰিলে কাজী শিপিনী পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই তাঁত শালত বাঁহৰ কাঠিৰে ইংৰাজীত বৈ উলিওৱা ধৰ্মগ্ৰন্থ গুণমালা। অনুষ্ঠানত ধৈৰ্যই সৃষ্টিৰ মূল আধাৰ বুলি ব্যক্তি কৰি নিজৰ মনোভাৱ জনালে শিপিনীগৰাকীয়ে।

পদ্মশ্ৰীগৰাকীৰ সৃষ্টিৰাজী সমুহৰ বাবে ৰাজ্য চৰকাৰে মুকলাই দিছে ৫০ লাখ টকা। এই কথা উল্লেখ কৰিলে মন্ত্ৰী বিমল বড়াই। লগতে শিপিনীগৰাকীৰ এই মহান কাৰ্যৰো শলাগ ল’লে মন্ত্ৰীয়ে।

অনুষ্ঠানটোত একেলগে প্ৰদৰ্শন কৰা হল তেওঁ বৈ উলিওৱা পাঁচোখন ধৰ্মগ্ৰন্থ। ৰাইজে চাই তবধ মানিলে। সকলোৱে একমুখে স্বীকাৰ কৰিলে- কীৰ্তন, দশম, গুণমালাতে আছে তুৱা গুণ নাম. এয়া সঁচাকৈয়ে, কাজী শিপিনীৰ কাজৰ কাম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উত্তৰাখণ্ডৰ অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত প্ৰতিবাদ দিল্লীত; ন্যায় বিচাৰি প্ৰতিবাদ কৰা পিতৃ-মাতৃক আটক

উত্তৰাখণ্ডৰ বহু চৰ্চিত অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায় বিচাৰি দিল্লীৰ...

সুৰেৰে অসমবাসীৰ মাজত আজিও অমৰ ‘ৰাণাদা’; কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ পূণ্যতিথিত স্মৰণ অসমবাসীৰ

অসমীয়া সংগীত জগতৰ এগৰাকী অনন্য প্ৰতিভা, দৰদী কণ্ঠশিল্পী, সুৰকাৰ...