ভাৰতৰ বাবে কিয় উদ্বেগজনক আফগানিস্তানৰ তালিবানৰাজ?

কাবুল দখলৰ লগে লগে আফগানিস্তানত আৰম্ভ হোৱা তালিবানৰাজ এতিয়া উদ্বেগৰ কাৰণ হৈ পৰিছে ভাৰতৰ বাবে। বৈদেশিক বিনিয়োগৰ ক্ষেত্ৰতে হওক অথবা ভৌগলিক অখণ্ডতা আৰু নিৰাপত্তাৰ প্ৰতিয়ে হওক ভাৰতৰ বাবে অতি বিপদজনক তালিবানৰাজ। ইতিমধ্যে আফগান চৰকাৰক সহায় নকৰিবলৈ ভাৰত চৰকাৰক সকীয়াই দিছে তালিবানে। তালিবানৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিবলৈহে আহ্বান তালিবানী নেতৃত্বৰ। উল্লেখ্য যে, আফগানিস্তানত তালিবানৰ উত্থানত বিশেষ অৰিহণা আছে পাকিস্তানৰ। ইফালে আফগানিস্তানৰ এটা অংশ পাক অধীকৃত কাশ্মীৰৰ সৈতে লাগি আছে। তালিবানৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে লস্কৰ ই তৈব, Jaish-e-Mohammad ৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ। সেয়ে পাকিস্তানৰ প্ৰত্যক্ষ সহায়ত তালিবানে অশান্ত কৰি তুলিব পাৰে কাশ্মীৰ উপত্যকা। ভাৰত সৈতে অহৰহ সীমা বিবাদত লিপ্ত থকা চীনে মুকলিকৈ তালিবানৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ পোষকতা কৰিছে। প্ৰায় ২ সপ্তাহৰ পূৰ্বে তালিবানৰ মূৰব্বী মোল্লা আব্দুল ঘানীয়ে বেইজিং ভ্ৰমণ কৰি চীনৰ বৈদেশিক মন্ত্ৰীৰ লগত মিলিত হৈছিল এক গুৰুত্বপূৰ্ণ বৈঠকত। চীনৰ সৈতে তালিবানৰ সম্পৰ্কও ভাৰতৰ নিৰাপত্তাৰ প্ৰতি হ’ব পাৰে প্ৰচণ্ড ভাবুকি।

২০০১ চনৰ পৰাই ভাৰত আৰু আফগানিস্তানৰ মাজত আছে বন্ধুত্বপূৰ্ণ সম্পৰ্ক। ভাৰতৰ বাবে আফগানিস্তান অন্যতম বিনিয়োগৰ ক্ষেত্ৰ। পথ, নদীবান্ধ, ৰেলপথ, শিক্ষা, স্বাস্থ্যকে আদি কৰি বিভিন্ন উন্নয়নমূলক কামৰ বাবে আফগানিস্তানত প্ৰায় ৬ বিলিয়ন ডলাৰ বিনিয়োগ কৰিছে ভাৰতে। কিন্তু এতিয়া তালিবানৰাজ প্ৰতিষ্ঠা হোৱাত ভাৰতে হেৰুৱাব লাগিব এই বৃহৎ বিনিয়োগ। ইতিমধ্যে নিৰ্মীয়মাণ Zaranj-Delaram ৰাষ্ট্ৰীয় ঘাইপথ আৰু Salma বান্ধ তালিবানৰ নিয়ন্ত্ৰণত।

ইফালে আফগানিস্তানলৈ ঘূৰি যাবলৈ বিচৰা নাই ভাৰতত শিক্ষাগ্ৰহণ কৰি থকা আফগান ছাত্ৰ সকলে। কেমেৰাৰ আগত হুকহুকাই কান্দি কান্দি উঠিল এই সকল ছাত্ৰ-ছাত্ৰী। প্ৰশ্ন হৈছে, তালিবানৰ বাবে বিশ্বৰ আন দেশৰ দৰেই ভাৰতেও সলনি কৰিব লাগিব নেকি নিজৰ বৈদেশিক আৰু কৌশলগত স্থিতি?

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...