পুনৰ চুইডেনৰ প্ৰধানমন্ত্ৰী পদত স্থলাভিষিক্ত মেগডেলেনা এণ্ডাৰছন

চুইডেনৰ প্ৰথম গৰাকী মহিলা প্ৰধানমন্ত্ৰী মেগডেলেনা এণ্ডাৰছনে ২০২১ বৰ্ষৰ ২৪ নৱেম্বৰত প্ৰধানমন্ত্ৰী হিচাপে দ্বায়িত্বভাৰ গ্ৰহণ কৰিছিল। যদিও, ৰাজনৈতিক অস্থিৰতাই মেগডেলেনা এণ্ডাৰছনক প্ৰধানমন্ত্ৰীৰ পদগ্ৰহণৰ কেইঘণ্টামানৰ ভিতৰতে পদত্যাগ কৰিবলৈ বাধ্য কৰিছিল। অৱশ্যে, সাংসদসকলে ৬ ডিচেম্বৰত অনুষ্ঠিত এক নতুন নিৰ্বাচনৰ জৰিয়তে চুইডেনৰ প্ৰথম গৰাকী মহিলা প্ৰধানমন্ত্ৰীক পুনৰ শীৰ্ষ পদত নিযুক্তি দিয়া হৈছে। শেহতীয়াকৈ, চুইডেনৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল ছ’চিয়েল ডেমক্ৰেট নেত্ৰী মেগডেলেনা এণ্ডাৰছন। কিন্তু, ইয়াৰ পাছতে সংখ্যালঘু মিত্ৰজোঁট তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাত পদত্যাগ পত্ৰ প্ৰদান কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। যাৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ কেইঘণ্টামান পিছতে পদত্যাগ কৰিবলৈ বাধ্য হয়।

মেগডেলেনা এণ্ডাৰছনে ষ্টিফেন লফভেনৰ স্থান লৈছে, যিয়ে এই বছৰৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল। প্ৰধানমন্ত্ৰী পদলৈ নিৰ্বাচিত হোৱাৰ আগতে এণ্ডাৰছন দেশখনৰ বিত্ত মন্ত্ৰী আছিল।

লিংগ সমতাৰ ক্ষেত্ৰত চুইডেন ইউৰোপৰ আটাইতকৈ প্ৰগতিশীল দেশসমূহৰ ভিতৰত স্থান লাভ কৰিছে, কিন্তু এতিয়ালৈকে কোনো মহিলাক দেশখনৰ শাসনভাৰ দিয়া হোৱা নাই। ইপিনে, এণ্ডাৰছনক সমৰ্থন কৰা এগৰাকী স্বতন্ত্ৰ সাংসদ আমিনা কাকাবাৱেহে সংসদত দিয়া ভাষণত কয়, ‘যদি মহিলাসকলে কেৱল ভোটদানৰহে অধিকাৰ পায় আৰু সৰ্বোচ্চ পদলৈ নিৰ্বাচিত নহয় তেন্তে গণতন্ত্ৰপূৰ্ণ ৰূপত প্ৰকাশ নাপাব’।

আনহাতে, নিৰ্বাচনৰ পিছত এণ্ডাৰছনে সংসদত কয়, ‘নাৰীৰ স্বাধীনতা এক গুৰুত্বপূৰ্ণ বিষয়। নাৰীসকলৰো পুৰুষৰ দৰে সমান সুযোগ আছে। মই চুইডেনৰ প্ৰথম গৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছো আৰু আমাৰ দেশৰ মহিলাসকলৰ বাবে ইয়াৰ গুৰুত্ব জানো’। উল্লেখ্য যে, প্ৰধানমন্ত্ৰী পদৰ বাবে প্ৰথমবাৰ অনুষ্ঠিত নিৰ্বাচনত চুইডেনৰ ৩৪৯ জনীয়া সাংসদৰ ১১৭ জন সাংসদে এণ্ডাৰছনৰ সপক্ষে ভোট দান কৰে আৰু ১৭৪ জনে বিপক্ষে ভোট দান কৰে।

প্ৰধানমন্ত্ৰী হিচাপে দ্বায়িত্ব লোৱাৰ পিছতে চৰকাৰে সংসদত বাজেট উত্থাপন কৰিছিল যদিও সংসদে বিৰোধীৰ বাজেট প্ৰস্তাৱহে গৃহীত কৰে৷ লগতে এণ্ডাৰছনৰ মিত্ৰজোঁটৰ অংশীদাৰ গ্ৰীণ পাৰ্টীয়ে ইয়াক সমৰ্থন কৰে। সমান্তৰালকৈ গ্ৰীণ পাৰ্টীয়ে শাসকীয় দলৰ সমৰ্থন উঠাই লোৱাৰ সিদ্ধান্ত লয়। যাৰ ফলত এণ্ডাৰছনে পদত্যাগৰ কথা ঘোষণা কৰিবলৈ বাধ্য হয় বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে বাওঁপন্থী দলৰ সৈতে তেওঁ চুক্তি সম্পন্ন কৰে। বাওঁপন্থী দলে তেওঁক সমৰ্থন কৰাৰ বিনিময়ত প্ৰায় ৭ লাখ দৰিদ্ৰ পেঞ্চনাৰৰ বাবে পেঞ্চন বৃদ্ধিৰ দাবী জনাইছিল।

অৱশ্যে, পিছত শাসকীয় মিত্ৰজোঁটৰ বাজেট প্ৰস্তাৱটো মডাৰেট পাৰ্টী, চুইডেন ডেমক্ৰেটছ আৰু খৃষ্টান ডেমক্ৰেটে যুটীয়াভাৱে প্ৰস্তাৱিত বাজেটৰ সপক্ষে ভোট প্ৰদান কৰে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ষ্টিফান লফভেনৰ অধীনত বিত্ত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা এণ্ডাৰছনে কয় যে, তেওঁ বিৰোধীৰ বাজেটৰ সৈতে দেশক নেতৃত্ব দিব পাৰিব, কিন্তু কেৱল সামান্য পৰিৱৰ্তনৰ প্ৰয়োজন। কিয়নো, মিত্ৰজোঁটৰ অংশীদাৰ গ্ৰীণ পাৰ্টীৰ এই ক্ষেত্ৰত এক সুকীয়া দৃষ্টিভংগীহে আছিল। সংসদে বিৰোধীৰ বাজেট গৃহীত কৰাৰ পাছতে গ্ৰীণ পাৰ্টীয়ে ঘোষণা কৰে যে, তেওঁলোকে মিত্ৰজোঁট ভংগ কৰিব। কিয়নো, তেওঁলোকে চুইডেন ডেমক্ৰেটৰ দ্বাৰা আলোচনা কৰা বাজেট সমৰ্থন কৰিব নোৱাৰে।

অৱশ্যে, সাংসদসকলে ৬ ডিচেম্বৰত অনুষ্ঠিত এক নতুন নিৰ্বাচনৰ জৰিয়তে ছ’চিয়েল ডেমক্ৰেট নেত্ৰী মেগডেলেনা এণ্ডাৰছনক সামান্য ব্যৱধানত সমৰ্থন আগবঢ়াই পুনৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰে। এণ্ডাৰছনে অহা বছৰৰ ছেপ্তেম্বৰত নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে একদলীয় চৰকাৰৰ নেতৃত্ব দিব লাগিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আয়াৰলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দললৈ অসমৰ উমা চেত্ৰী

আয়াৰলেণ্ডৰ বিৰুদ্ধে হবলগীয়া আইডিএফচি ফাৰ্ষ্ট বেংক তিনিখন এদিনীয়া আন্তৰ্জাতিক...

ভাৰতত HMPV সংক্ৰমণ

এক ভয়ংকৰ খবৰ। এইবাৰ ভাৰতত HMPV সংক্ৰমণ। বেংগালুৰুত প্ৰথমটো...

গুৱাহাটী মহানগৰীৰ গীতামন্দিৰৰ সমীপৰ কৈলাস নগৰত চাঞ্চল্যকৰ ঘটনা

ঘৰৰ চৌহদতে দুৰ্বৃত্তই জ্বলালে ৫খনকৈ মটৰচাইকেল। গুৱাহাটী মহানগৰীৰ গীতামন্দিৰৰ...

পুনৰ চীনত কৰোনা সদৃশ ভাইৰাছৰ সংক্ৰমণ

নতুন বছৰৰ আৰম্ভণিতে পুনৰ এবাৰ চীনত দেখা গৈছে কৰোণা...