ক্ষত-বিক্ষত অৱস্থাত কোঠাত ৭০ বছৰীয়া বৃদ্ধৰ নিথৰ দেহ, কোনে হত্যা কৰিলে প্ৰতাপ চাংমাইক?

নিজ ঘৰতেই ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ বৃদ্ধৰ মৃতদেহ। এগৰাকী বৃদ্ধক নিজ ঘৰতেই দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ। বিলাসীপাৰাত চাঞ্চল্যকৰ হত্যা কাণ্ড। মৃত ৭০ বছৰীয়া বৃদ্ধগৰাকী সাপটগ্ৰামৰ প্ৰতাপ চাংমাই। হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত প্ৰতাপ চাংমাইৰ ঘৰত কোনো লোক নাছিল। ইতিমধ্যে ঘটনাস্থলীত সাপটগ্ৰাম আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী জিলা অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰিছে।

এই হত্যাকাণ্ডৰ লগত জড়িত কোনো এজনকো আৰক্ষীয়ে বৰ্তমানলৈ গ্ৰেপ্তাৰ কৰিব পৰা নাই যদিও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। বুধবাৰে সন্ধিয়া সংঘটিত হোৱা হত্যাকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। সাপটগ্ৰামত সংঘটিত এই হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ বিলাসীপাৰা মহকুমা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

শোকাৱহ দুৰ্ঘটনাই জোকাৰি গ’ল বৰপেটাৰ সৰ্থেবাৰী

সৰ্থেবাৰীত শোকাৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত পিতৃ আৰু ৫বছৰীয়া পুত্ৰৰ কৰুণ...

ভাৰতৰ সন্মুখত লক্ষ্য ২৪২ ৰান

চেম্পিয়নছ ট্ৰফীৰ হাই ভল্টেজ খেল। আটাইকেইটা উইকেট হেৰুৱাই পাকিস্তানৰ...

সৰ্থেবাৰীৰ ৰাজপথত শেষ হৈ গ’ল পিতা-পুত্ৰৰ জীৱন

শোকাৱহ ঘটনাই জোকাৰি গ'ল সৰ্থেবাৰী। সৰ্থেবাৰী-বৰপেটা পথত শেষ হৈ...

সুৰংগ খহি আবদ্ধ ৮ শ্ৰমিক, পানী জমা হোৱাৰ বাবে ব্যাহত উদ্ধাৰ অভিযান

পুনৰ সংঘটিত হৈছে এক অঘটন। এইবাৰ নিৰ্মীয়মান সুৰংগ খহি...