শিক্ষানুষ্ঠানত সূৰ্য নমস্কাৰ কিয়? তীব্ৰ আপত্তি অল ইণ্ডিয়া মুছলিম ল’ ব’ৰ্ডৰ

দেশত এইবাৰ সূৰ্য নমস্কাৰক লৈ বিতৰ্ক। শিক্ষানুষ্ঠানত সূৰ্য নমস্কাৰ আয়োজন কৰিবলৈ দিয়াক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। সূৰ্য নমস্কাৰৰ বিৰোধীতা মুছলিম সংগঠনৰ। মুছলিম সংগঠনৰ মন্তব্য ইছলামে মানি নলয় সূৰ্য নমস্কাৰ। দেশৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশত বিদ্যালয়সমূহত ৭ জানুৱাৰীলৈ সূৰ্য নমস্কাৰ অনুষ্ঠানৰ আয়োজনৰ বাবে নিৰ্দেশ জাৰি কৰিছিল। এই অনুষ্ঠানৰ তীব্ৰ বিৰোধিতা কৰিছে এতিয়া অল ইণ্ডিয়া মুছলিম ল’ ব’ৰ্ডে। তেওঁলোকৰ মতে সূৰ্য নমস্কাৰত সূৰ্যক পূজা কৰা হয়, যাৰ ইছলামত অনুমতি নাই। ব’ৰ্ডে লগতে কয় যে, ভাৰত এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ আৰু দেশৰ সংবিধানে ইয়াকে শিকাই আহিছে। দেশৰ ধৰ্ম নিৰপেক্ষতা অটুট ৰাখক চৰকাৰে। ধৰ্মনিৰপেক্ষতাৰ ধাৰণা অনুসৰি দেশৰ শিক্ষানুষ্ঠানসমূহৰ পাঠ্যক্ৰম সজোৱা হৈছে বুলি মন্তব্য মুছলিম সংগঠনৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...