CAAৰ স্থগিতাদেশক লৈ উচ্চতম ন্যায়ালয়ৰ শুনানি

‘কা’ৰ স্থগিতাদেশক লৈ উচ্চতম ন্যায়ালয়ৰ শুনানি
CAA বলৱতত নিষেধাজ্ঞা আৰোপ কৰিবলৈ অস্বীকাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ
৩ সপ্তাহৰ ভিতৰত কেন্দ্ৰক শপতনামা দাখিলৰ নিৰ্দেশ

সংসদৰ উভয় সদনত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত হোৱাৰ ৪ বছৰৰ পিছত সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ততাতৈয়াকৈ কেন্দ্ৰীয় চৰকাৰে ১ মাৰ্চত বলৱত কৰিছিল কাৰ বিধি। তাৰ পিছতেই বিতৰ্কিত আইনখনত স্থগিতাদেশ বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল সদৌ অসম চাত্ৰ সন্থা, নেছ’, অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল সংগঠন। কেবল অসম উত্তৰ পূবৰে নহয় সমগ্ৰ দেশজুৰি উচ্চতম ন্যায়ালয়ত CAAৰ বিৰুদ্ধে সৰ্বমুঠ ২৩৬খন আবেদন দাখিল হৈছিল। মঙলবাৰে এই সকলো আৱেদনৰ একত্ৰিতভাৱে শুনানি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধিশ ডি ৱাই চন্দ্ৰচূড়ৰ অধ্যক্ষতাত ৩জনীয়া সাংবিধানিক বিচাৰপীঠে লয় শুনানি। সপক্ষ–‍‍বিপক্ষৰ অধিবক্তাৰ যুক্তি শুনি সাংবিধানিক বিচাৰপীঠে CAA বলৱতৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ অস্বীকাৰ কৰে। যদিও ৮ এপ্ৰিলৰ ভিতৰত চৰকাৰে দাখিল কৰিব লাগিব শপতনামা। ৯ এপ্ৰিলত বিষয়টোক লৈ হ’ব পুনৰ শুনানি।

অসম তথা উত্তৰ পূবৰ ক্ষেত্ৰত নাগৰিকত্বৰ বিষয়টো সম্পূৰ্ণ সুকীয়া। আছু আৰু নেছ’ৰ অধিবক্তাই এই সন্দৰ্ভত আগবঢ়োৱা সবল যুক্তিত পতিয়ন গৈ অসম–ত্ৰিপুৰাকে ধৰি উত্তৰ পূবৰ শুনানিৰ বাবে সুকীয়া সময় দিব বুলি জনাই আদালতে।

‘কা’ৰ স্থগিতাদেশৰ সমগ্ৰ গোচৰটোৰ বাবে আদালতে নিয়োগ কৰে দুজন ন’ডেল অধিবক্তা। দেশৰ আনসমূহ আবেদনৰ বাবে এজন পৃথক ন’ডেল অফিচাৰ আৰু উত্তৰ পূবৰ ৫৩খন আবেদনৰ বাবে অংকিত যাদৱক নিয়োগ কৰে ন’ডেল অফিচাৰ হিচাপে।

ইফালে, চৰকাৰৰ সৈতে থাকিলেও অসম চুক্তিক নস্যাৎ‍ কৰা নাগৰিকত্ব সংশোধনী আইন মানি নলয় বুলি আদালতৰ দ্বাৰস্থ হোৱা অসম গণ পৰিষদেও স্পষ্ট কৰি দিয়ে।

মঙলবাৰৰ শুনানিৰ সন্দৰ্ভত কংগ্ৰেছৰ অধিবক্তাৰ মন্তব্য ন্যায়ালয়ে ‘কা’ত স্থগিতাদেশ নিদিলেও এই সময়চোৱাত চৰকাৰে কোনো পদক্ষেপ ল’লে পুনৰ আদালতৰ কাষ চাপিব পাৰিব বুলিও কৰে মন্তব্য।

উল্লেখ্য যে, অসম তথা উত্তৰ পূবৰ উপৰি কেৰালা চৰকাৰ, মুছলিম লীগ, AIMIMক ধৰি দেশৰ বহু দল সংগঠনে CAAখনক অসংবিধানিক বুলি আখ্যাদি ন্যায়ালয়ত জনাইছিল আবেদন। অৱশ্যে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে ন্যায়ালয়ত কি তথ্য দাঙি ধৰে, ৯ এপ্ৰিলৰ পৰৱৰ্তী শুনানিতহে স্পষ্ট হ’ব সকলো।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...