তপন গগৈ, দীপ গগৈৰ ফটোক লৈ উত্তাল যোৰহাটৰ ৰাজনীতি

দীপ গগৈক লৈ সঁচাকৈ ৰাজনীতি কৰাৰ চেষ্টা কৰিলে নেকি ভাৰতীয় জনতা পাৰ্টীয়ে। পুনৰ সৰৱ হ’ল সাংসদ গৌৰৱ গৌৰৱ গগৈ। গৌৰৱ গগৈৰ মতে দীপ গগৈক বদনাম কৰা বিজেপি নেতাসকলে ক্ষমা খুজিব লাগে। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মাজুলীত উপস্থিত গৌৰৱ গগৈ। ভোটাৰৰে কথা পাতিলে। ক্ৰিকেট খেলিলে। সমানে আক্ৰমণ কৰিলে ভাৰতীয় জনতা পাৰ্টীক।

তপন গগৈ-দীপ গগৈৰ ফটোক লৈ উত্তাল যোৰহাটৰ ৰাজনীতি
এনে কৰিব নাপায়, বিজেপিক সমালোচনা সাংসদ গৌৰৱ গগৈৰ
১৯ এপ্ৰিলত নিৰ্বাচন, ১৯ মাৰ্চত মাজুলীত গৌৰৱৰ ছিক্সাৰ মৰাৰ চেষ্টা

প্ৰাক্তন সাংসদ দীপ গগৈৰ খবৰ লবলৈ গৈছিল যোৰহাটৰ বিজেপিৰ প্ৰাৰ্থী তপন গগৈ। বহুতেই কৈছিল এয়া পাব্লিচিটি ষ্টান্ট। মন্ত্ৰী পীযূষ হাজৰিকাই কৈছিল গৌৰৱ গগৈয়ে খবৰ নোলোৱা খুৰায়েক দীপ গগৈৰ খবৰ লোৱাৰ বাবে তপন গগৈক ধন্যবাদ। তেতিয়াই লাগিল গণ্ডগোল। পীযূষ হাজৰিকাক উভতি ধৰিলে প্ৰাক্তন সাংসদ দীপ গগৈয়ে। গৌৰৱ গগৈ মোৰ ভতিজা হোৱাৰ লগতে দেশৰ এজন শক্তিশালী বিৰোধী নেতা। পীযূষ হাজৰিকাহঁত নতুন বিজেপি।

বিষয়টোক লৈ ছচিয়েল মিডিয়াতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সাংসদ গৌৰৱ গগৈয়ে। এই কথাবোৰে মোক আঘাত দিছে বুলি কৈ আক্ষেপ গৌৰৱৰ।

মোৰ খুৰাক বদনাম কৰিবলৈ চেষ্টা কৰিছে বিজেপিয়ে’
‘এয়া দুৰ্ভাগ্যজনক কথা

সোমবাৰে আমগুৰিত প্ৰচাৰ চলাই মঙলবাৰে মাজুলীত উপস্থিত গৌৰৱ গগৈ। নিমাতী ঘাটৰ পৰা ফেৰীৰে কমলাবাৰী ফেৰী ঘাটত উপষ্ঠিত হোৱা গৌৰৱগৈক মাজুলীৰ কংগ্ৰেছ কৰ্মীসকলে বিপুল ভাৱে জনায়। ফেৰী ঘাটৰ পৰা বাইক ৰেলীৰে গৌৰৱ গগৈক গড়মুৰ ৰাজীৱ ভৱনলৈ আদৰি আনে সমৰ্থকসকলে। গড়মূৰ ৰাজীৱ ভৱন, গড়মূৰ বংশীগোপাল নাট্য মন্দিৰ, শ্ৰীলুহিত বৰমুকলি গাঁৱৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে গৌৰৱে।

মাজুলীতে হাতত বেট লৈ ক্ৰিকেট ফিল্ডত গৌৰৱ
গৌৰৱে মাৰিলে ছিক্সাৰ
মাজুলীবাসীৰ মন জয় কৰাৰ চেষ্টা

সত্ৰনগৰীত উপস্থিত হৈ গৌৰৱে ক’লে মোৰ আজি বিহু বিহু লাগিছে গাত। মই ৰাজনীতিত টু টু মে মে কৰিবলৈ অহা নাই, আহিছোঁ অসমবাসীৰ সেৱা কৰিবলৈ মন্তব্য গৌৰৱ গগৈৰ।

যোৰহাট এইবাৰ আকৰ্ষণীয়। গৌৰৱ গগৈ বনাম তপন গগৈ। মাজুলীবাসীৰ মাজত গৌৰৱ। খেলিছে, ঘূৰিছে, কাষ চাপিছে মাজুলীৰ ৰাইজৰ। নিঃসন্দেহে, ৰৈ নাথাকে তপনো। নিৰ্বাচনলৈ কিন্তু মাত্ৰ এমাহ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...