ন্যায়িক ব্যৱস্থাৰ প্ৰতি আস্থা ঘূৰাই আনিছে CJI ধনঞ্জয় যশৱন্ত চন্দ্রচূড়ে

0 182

দেশৰ ন্যায়িক ব্যৱস্থাক জনসাধাৰণৰ অধিক কাষ চপাই নিয়া সকলৰ ভিতৰত অন্যতম স্থান অধিকাৰ কৰিছে ভাৰতৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্রচূড়। ডি ৱাই চন্দ্রচূড় নামেৰে সকলোৰে পৰিচিত এইগৰাকী ন্যায়াধীশৰ বলিষ্ঠ আৰু সাহসিক পদক্ষেপে দেশৰ প্ৰতিজন নাগৰিকৰ মনতে সুকীয়া স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। মুখ্য ন্যায়াধীশৰূপে ডি ৱাই চন্দ্রচূড়ৰ শেহতীয়া কেইবাটাও ৰায়ে ন্যায়িক ব্যৱস্থাৰ প্ৰতি জনসাধাৰণৰ আস্থা উল্লেখনীয় ৰূপত ঘূৰাই আনিবলৈ সক্ষম হৈছে। ৰাজনৈতিক মহলতো মুখ্যন্যায়াধীশ চন্দ্রচূড়ৰ স্থিতিক লৈ চৰ্চা আৰম্ভ হৈছে। ইতিমধ্যে ন্যায়িক ব্যৱস্থাৰ ক্ষেত্ৰত আপোচ নকৰা এগৰাকী ন্যায়াধীশৰ ৰূপত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ন্যায়াধীশ চন্দ্রচূড়ে। পূৰ্বে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ লগতে বোম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে সেৱা আগবঢ়াই অহা ডি ৱাই চন্দ্রচূড় ন্যায়িক ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন বিষয়ত এগৰাকী বিশেষজ্ঞৰূপে পৰিচিত। নিৰ্বাচনী বণ্ড, ৰাম জনমভূমি গোচৰ, সমকামিতা, সবৰিমালা গোচৰ, সম লিংগৰ বিবাহ, জম্মু-কাশ্মীৰৰ অনুচ্ছেদ ৩৭০ বাতিল কৰণকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ গোচৰৰ ৰায় দান কৰি চৰ্চিত হৈ আহিছে মুখ্যন্যায়াধীশ ডি ৱাই চন্দ্রচূড়। উচ্চ ন্যায়ালয়ত কৰ্মৰত অৱস্থাতো ন্যায়াধীশ চন্দ্রচূড়ে আন বহু গুৰুত্বপূৰ্ণ গোচৰৰ ৰায় দান কৰি ন্যায়িক ব্যৱস্থাত এক সুকীয়া স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। শেহতীয়া কেবাটাও গুৰুত্বপূৰ্ণ গোচৰৰ ৰায় দানৰ জড়িয়তে এই ধাৰাবাহিকতা অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, যোৱা এবছৰত উচ্চতম ন্যায়ালয়ে সৰ্বাধিক ৫২,২২০টা গোচৰ নিষ্পত্তি কৰিবলৈ সক্ষম হৈছে। ইয়াৰ জৰিয়তে বিশেষ কৃতিত্বৰ অধিকাৰী হ’বলৈ সক্ষম হৈছে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়। ভাৰতৰ ন্যায়িক ব্যৱস্থাত ই এক নতুন অভিলেখ ৰচনা কৰাৰ লগতে গণতন্ত্ৰ আৰু ন্যায়িক ব্যৱস্থাৰ স্বাধীনতাৰ ক্ষেত্ৰতো ই সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আন কেইবাটাও গোচৰৰ ক্ষেত্ৰত তাৎক্ষণিক ৰায় দানৰ জৰিয়তে ন্যায়িক ব্যৱস্থাৰ প্ৰতি জনসাধাৰণৰ আস্থা ঘূৰাই অনাত বিশেষ সফলতা লাভ কৰা হৈছে। বিভিন্ন গোচৰৰ ৰায় দানৰ জৰিয়তে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় আৰু তেওঁৰ নেতৃত্বাধীন খণ্ড বিচাৰপীঠে বিভিন্ন মহলৰ দ্বাৰা সমালোচিত হ’লেও ইয়াৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে জনসাধাৰণৰ কাষত থিয় হৈ ন্যায়িক ব্যৱস্থাক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আন এক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। এই সকলোৰে আঁৰত থকা ব্যক্তিগৰাকীয়েই হ’ল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ৰ জন্ম হৈছিল ১৯৫৯ চনৰ ১১ নৱেম্বৰত। আইন ব্যৱস্থাৰ সৈতে জড়িত এটা পৰিয়ালত জনাম হৈছিল ডি ৱাই চন্দ্ৰচুড়ৰ। তেওঁৰ পিতৃ আছিল যশৱন্ত বিষ্ণু চন্দ্ৰচুড়। ৱাই ভি চন্দ্ৰচুড় নামেৰে পৰিচিত তেওঁ। তেওঁ আছিল দেশৰ সৰ্বাধিক সময়ৰ বাবে সেৱা আগবঢ়োৱা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। পিতৃৰ পদাংক অনুসৰণ কৰিয়ে আইন জগতত ভৰি দিছিল বৰ্তমানৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে। মুম্বাইৰ কেথেড্ৰেল এণ্ড জন কন্নন স্কুলত শিক্ষা জীৱন আৰম্ভ কৰা ডি ৱাই চন্দ্ৰচুড়ে পৰৱৰ্তী সময়ত দিল্লী বিশ্ববিদ্যালয়ৰ ছেণ্ট ষ্টিফেন্স কলেজৰ পৰা অৰ্থনীতি আৰু অংক শাস্ত্ৰত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৮২ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰাই আইন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰা ডি ৱাই চন্দ্ৰচুড়ে ১৯৮৩ চনত হাৰ্ভাৰ্ড ল’ স্কুলৰ পৰা আইন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৮৬ চনত হাৰ্ভাৰ্ডৰ পৰাই আইন বিষয়ত ডক্টৰেট ডিগ্ৰী অৰ্জন কৰাৰ পিছতে কনিষ্ট অধিবক্তা ৰূপে কৰ্মজীৱন আৰম্ভ কৰে ডি ৱাই চন্দ্ৰচুড়ে। ভাৰতলৈ প্ৰত্যাৱৰ্তনৰ পিছতে উচ্চতম ন্যায়ালয় আৰু বোম্বে উচ্চ ন্যায়ালয়ত আইনৰ অনুশীলন আৰম্ভ কৰে তেওঁ। ১৯৯৮ চনত বোম্বে উচ্চ ন্যায়ালয়ত জ্যেষ্ঠ অধিবক্তাৰূপে নিযুক্তি লাভ কৰা ডি ৱাই চন্দ্ৰচুড়ক ভাৰতৰ অতিৰিক্ত ছ’লিচিটৰ জেনেৰেল ৰূপেও নিযুক্তি দিয়া হয়। ২০০০ চনত বোম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পদত অধিষ্ঠিত হোৱা চন্দ্ৰচুড়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে নিযুক্তি লাভ কৰা লৈকে বোম্বে উচ্চ ন্যায়ালয়ে আছিল। ২০১৬ চনৰ ১৩ মে’ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে নিযুক্তি লাভ কৰাৰ আগলৈকে ডি ৱাই চন্দ্ৰচুড় আছিল এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। ২০২১ৰ ২৪ এপ্ৰিলৰ পৰা উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰো সদস্য আছিল ডি ৱাই চন্দ্ৰচুড়। উল্লেখ্য যে ৫জনীয়া জ্যেষ্ঠ ন্যায়াধীশৰ দ্বাৰা গঠিত এই কলেজিয়ামে উচ্চতম ন্যায়ালয়ৰ লগতে সকলো উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক নিযুক্তি দিয়ে। ২০২২ চনৰ ১৭ অক্টোবৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে মনোনীত কৰা হয় ডি ৱাই চন্দ্ৰচুড়ক। ইয়াৰ পিছতে ২০২২ চনৰ ৯ নৱেম্বৰত উচ্চতম ন্যায়ালয়ৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ ৰূপে শপত লয় ডি ৱাই চন্দ্রচূড়।

ন্যায়িক সেৱাৰ উপৰি মুম্বাই বিশ্ববিদ্যালয় আৰু আমেৰিকাৰ ওকলাহ’মা বিশ্ববিদ্যালয়ত আইন শাখাৰ ভিজিটিং অধ্যাপক ৰূপেও সেৱা আগবঢ়াই আহিছিল ডি ৱাই চন্দ্রচূড়ে। ইয়াৰোপৰি বিদেশৰ আন কেইবাখনো প্ৰখ্যাত বিশ্ববিদ্যালয়তো বক্তৃতা প্ৰদান কৰি আহিছে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ে। মুখ্য ন্যায়াধীশ ৰূপে শেহতীয়া বহু বিতৰ্কিত আৰু গুৰুত্বপূৰ্ণ গোচৰৰ ৰায় দান কৰি দেশজুৰি সুকীয়া স্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱা ডি ৱাই চন্দ্রচূড়ে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে কাৰ্যনিৰ্বাহ কৰাৰ সময়তো বহুকেইটা গুৰুত্বপূৰ্ণ গোচৰৰ ৰায়দানৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছিল।

Leave A Reply

Your email address will not be published.