গোবিন্দাৰ বিৰুদ্ধে গাৰ্হস্থ্য হিংসাৰ অভিযোগ! ৩৭ বছৰীয়া সম্পৰ্ক শেষ? পত্নী সুনীতাই কি ব্যৱস্থা ল’লে?

কেইবামাহ ধৰি চৰ্চা চলি আছিল। কিন্তু বাৰে বাৰে সেই কথা নাকচ কৰি আহিছিল গোবিন্দাৰ পত্নী সুনীতা আহুজাই। এইবাৰ পুনৰ খবৰ, ৩৭ বছৰৰ বিবাহিত জীৱনৰ ইতি পেলাবলৈ গৈছে গোবিন্দা আৰু সুনীতাই। সূত্ৰৰ খবৰ অনুসৰি, সুনীতাই বান্দ্ৰাৰ আদালতত অভিনেতা গোবিন্দাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। তেওঁ গোবিন্দাৰ বিৰুদ্ধে ব্যভিচাৰ, প্ৰতাৰণা আৰু নিষ্ঠুৰতাৰ একাধিক অভিযোগ উত্থাপন কৰিছে। এককথাত, তেওঁ বিবাহবহিৰ্ভূত সম্পৰ্ক আৰু পাৰিবাৰিক হিংসাৰ অভিযোগ তুলিছে।

সুনীতাৰ অভিযোগৰ ভিত্তিত বিগত মে আৰু জুন মাহত আদালতৰ পৰা গোবিন্দালৈ চমন পঠিওৱা হৈছিল। সুনীতাই আদালতত হাজিৰা দিলেও অভিনেতা গোবিন্দা অনুপস্থিত আছিল। যদিও এই পৰিস্থিতিত তেওঁলোকে সম্পৰ্ক ঠিক কৰাৰ চেষ্টা কৰি আছে বুলিও খবৰ পোৱা গৈছে। এই জল্পনা কল্পনাৰ সূত্ৰপাত হৈছিল গোবিন্দা আৰু সুনীতাৰ এটা ভ্লগৰ পৰা। শেহতীয়াকৈ সুনীতাই চণ্ডীগড়ৰ মহাকালী মন্দিৰ দৰ্শনৰ বাবে গৈছিল। সুনীতা নিজেই শক্তিৰ উপাসক। তেওঁ গোবিন্দাক স্বামী হিচাপে পাবলৈ মুম্বাইৰ মহালক্ষ্মী মন্দিৰত মন্নত কৰিছিল। সেই সুনীতাই মহাকালী মন্দিৰৰ চৌহদত বহি এটা সাক্ষাৎকাৰ দি থাকোঁতে মন্দিৰৰ পুৰোহিতক কৈছিল, “মই যি বিচাৰিছিলো, সেয়া পাইছো। গোবিন্দাক স্বামী হিচাপে পাইছো। দুটা সন্তান পাইছো। কিন্তু আমাৰ দুয়োৰ মাজত যি আহিব, তাক দেৱী মায়ে ছিন্ন কৰি দিব। মোৰ দৰে সৎ মহিলাৰ চকুত যিয়ে চকুলো আনিব, তাৰ ভাল নহ’ব।”

এই কথাবোৰ কওঁতে সুনীতাই কান্দি পেলাইছিল। ইয়াৰ উপৰিও শেহতীয়া সময়ত তেওঁ কেইবাবাৰো কৈছে, “পুৰুষৰ ওপৰত ভৰসা কৰা উচিত নহয়, কেতিয়া কি কৰিব সেয়া বুজিব নোৱাৰি।” কেইবামাহ ধৰি সুনীতাই ইংগিতৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰিছিল, তথাপিও যেন এটা দূৰত্ব ৰাখিবলৈ চেষ্টা কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰায় এবছৰ ধৰি ঘৰত বন্দী বোৱাৰী; স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ

অসমত পুনৰ পোহৰলৈ আহিছে বোৱাৰী নিৰ্যাতনৰ এক গুৰুতৰ অভিযোগ।...

ভাৰতৰ ছেমিকণ্ডাক্টৰ উদ্যোগলৈ ভাবুকি; চাইবাৰ আক্ৰমণৰ পৰা সতৰ্ক হোৱাৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ছেমিকণ্ডাক্টৰ উদ্যোগক চাইবাৰ...

আজি বিশ্ব গঁড় দিৱস; ভাৰতৰ ক’ত, কিমান এশিঙীয়া গঁড় আছে?

আজি বিশ্ব গঁড় দিৱস। প্ৰতি বছৰে ২২ ছেপ্টেম্বৰত বিশ্বৰ...

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...