নাটকীয় পলায়ন আৰু আত্মসমৰ্পনৰ পৰ্ব শেষ

নাটকীয় পলায়ন আৰু আত্মসমৰ্পনৰ পৰ্ব শেষ। বিশাল ফুকনৰ অনলাইন ট্ৰেডিং সম্পৰ্কীয় অনাৱিস্কৃত তথ্য উদ্ধাৰৰ বাবে CIDয়ে গঠন কৰি দিয়া SITৰ মাৰাথান জেৰাৰ সন্মুখীন হৈছে চুমি বৰা আৰু তাৰ্কিক বৰা। ৫ দিনৰ বাবে SITৰ জিম্মাত আছে দুয়ো। আজি দুয়োৰে আৰক্ষী জিম্মাৰ তৃতীয়টো দিন। জেৰাত SITৰ বিষয়াৰ তীব্ৰ প্ৰশ্নবানৰ সন্মুখীন হৈছে চুমি বৰা। বিশাল ফুকনৰ সৈতে কি কি প্ৰসংগত ধনৰ লেনদেন হৈছিল চুমি বৰাৰ? বিশাল ফুকনৰ জৰিয়তে অনলাইন ট্ৰেডিঙত কোনে কোনে বিনিয়োগ কৰিছিল? সকলো প্ৰশ্নৰ উত্তৰ দিবলগীয়া হৈছে চুমি বৰাই। বিশালে ডিব্ৰুগড় আৰক্ষীৰ সন্মুখত কোৱা কথা আৰু চুমি-তাৰ্কিকে SITৰ সন্মুখত কোৱা কথাৰ অমিল হ’লেই ফাণ্ডত পৰিব চুমি আৰু তাৰ্কিক বৰা।

নাটকীয় পলায়ন আৰু আত্মসমৰ্পনৰ পৰ্ব শেষ
আৰক্ষীৰ জিম্মাত চুমি-তাৰ্কিকৰ তৃতীয়টো দিন
চুমি-তাৰ্কিকক মাৰাথন জেৰা SITৰ বিষয়াৰ
পৃথকে পৃথকে জেৰা কৰা হৈছে দম্পতীটোক
১ম চিনাকী, ডেষ্টিনেশ্যন ৱেডিং সকলো তথ্য লাগে
বিশালৰে চুমি-তাৰ্কিকৰ কথাৰ অমিল হ’লেই বিপদ

লক আপত ৩য় দিন, চুমি-তাৰ্কিকৰ জেৰা…
নাটকীয় পলায়ন আৰু আত্মসমৰ্পনৰ পৰ্ব শেষ
লক আপত চুমি-তাৰ্কিকক মাৰাথন জেৰা
ৰিলছত নাচি বাগি থকাটো সহজ, আৰক্ষীৰ লুক-আউট নটিছত পলাই থকাটো কঠিন, কিন্তু টোপনি নোহোৱাকৈ আৰক্ষীৰ জেৰাৰ সন্মুখীন হোৱাটো আটাইতকৈ কঠিন। ৰাজস্থানৰ উদয়পুৰত লোকৰ টকাৰে ডেষ্টিনেশ্যন ৱেডিং পতা আৰু বিলাসী জীৱন কটোৱা চুমি-তাৰ্কিকৰ জীৱনত এনে এটা দিন আহিব বুলি দুয়ো হয়তো কেতিয়াও কল্পনাও কৰা নাছিল। কল্পনা নকৰা কথাবোৰেই এতিয়া বাস্তৱত হ’বলৈ ধৰিছে।

ডিব্ৰুগড়ৰ থানাৰ লক আপত চুমি-তাৰ্কিকৰ ৩য় দিন
সন্ধিয়াৰে পৰা পুৱতি নিশা পৰ্যন্ত চলিলে জেৰা
পৃথকে পৃথকে জেৰা চলিছে চুমি আৰু তাৰ্কিক বৰাৰ

বৃহস্পতিবাৰে পুৱা প্ৰায় ৯ বাজি ১০ মিনিটত ডিব্ৰুগড়ত আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰা চুমি বৰা আৰু তাৰ্কিক বৰাক সিদিনাই হাজিৰ কৰা হৈছিল ডিব্ৰুগড় আদালতত। আদালতে দুয়োকে ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে। বৃহস্পতিবাৰে নিশাৰে পৰা আৰম্ভ হয় দুয়োৰে মাৰাথন জেৰা। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিশাল ফুকনৰ ট্ৰেডিং কেলেংকাৰিৰ তদন্ত কৰি আছে CIDয়ে গঠন কৰি দিয়া SITয়ে। কাজেই SITৰ তীব্ৰ প্ৰশ্নবানৰ সন্মুখীন হৈছে চুমি আৰু তাৰ্কিক। জেৰাৰ বাবেই ডিব্ৰুগড়ত বাহৰ পাতি আছে CIDৰ SP সুধাকৰ সিঙে।

ঘন্টাৰ পিছত ঘন্টা পৃথকে পৃথকে চলিছে জেৰা
চুমি-তাৰ্কিকৰ প্ৰথম চিনাকী কেতিয়া, কেনেকৈ হৈছিল?
কেনেকৈ আগবাঢ়িছিল সম্পৰ্ক? দুয়ো কি কৰিছিল তেতিয়া?
লকডাউনলৈ আৰ্থিকভাৱে দুৰ্বল চুমি হঠাৎ কেনেকৈ ধনী হৈছিল?

চুমি আৰু তাৰ্কিকৰ পৰা এই সকলো তথ্য বিচাৰিছে SITৰ আৰক্ষী বিষয়াই। প্ৰশ্নবোৰৰ পতিয়নযোগ্য উত্তৰ পালেই সেই জবানবন্দী লিপিবদ্ধ কৰা হৈছে। উত্তৰবোৰ পতিয়নযোগ্য নহ’লেই পুনৰ প্ৰশ্ন।

ইতিমধ্যেই জেৰাৰ সন্মুখীন হৈছে তাৰ্কিকৰ ভাতৃ অম্লান। বিহাৰত STFৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পিছতে অসমলৈ আনি থকা অৱস্থাত আৰু গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ নি থকা অৱস্থাত অম্লানে আৰক্ষীৰ বিভিন্ন কথা কৈছিল। বিনিয়োগকাৰীয়ে ৮ কোটি পৰ্যন্ত টকা তাৰ্কিকক দিয়াৰ কথা কৈছে অম্লানে। একেবোৰ কথাই তাৰ্কিককো সুধি পুণৰীক্ষণ কৰিছে SITৰ আৰক্ষী বিষয়াই।

মনকৰিবলগীয়া যে, আৰক্ষী জিম্মাত থকা অৱস্থাত বিশাল ফুকনেও আৰক্ষীক বহু তথ্য দিছিল। সেই সকলো কথা গোচৰ সংক্ৰান্তত লিপিবদ্ধ কৰিছিল আৰক্ষীয়ে। চুমি-তাৰ্কিককো সোধা হৈছে একেবোৰ কথা। বিশালৰ স্বীকাৰোক্তিৰে চুমি-তাৰ্কিকৰ কথাৰ অমিল হ’লেই বিপদ। জেৰাত স্বাভাৱিকতে আহিছে বিশালে চুমিক দিয়া কোটিটকীয়া উপহাৰবোৰৰ কথা।

বিশালে দিয়া ৭৬ লাখটকীয়া হীৰাৰ আঙঠিটো ক’ক কিনিছিল?
পে’মেন্ট কেনেকৈ হৈছিল, বিশালে কৰিছিল নে চুমিয়ে?
প্ৰশ্ন সোধা হৈছে ২ লাখটকীয়া টেডী বিয়েৰৰ প্ৰসংগতো
স্বাভাকিতে আহিছে উদয়পুৰৰ ডিষ্টিনেশ্যন ৱেডিঙৰ প্ৰসংগ
বিশালে চুমিৰ বিয়াত প্ৰকৃততে কিমান খৰছ কৰিছিল?
পে’মেন্ট বোৰ কোনে কোনে কৰিছিল?

আৰক্ষীৰ এই জেৰাত কেৱল উত্তৰ দি গ’লেই নহ’ব চুমি আৰু তাৰ্কিক বৰাই। উত্তৰৰ লগতে লাগিব তথ্যগত প্ৰমাণ। চুমি তাৰ্কিকৰ ভাষ্যক সমৰ্থন কৰিব লাগিব তেওঁলোকৰ বেংক একাউন্ট, ডেবিট অথবা ক্ৰেডিট কাৰ্ডেৰে হোৱা ধনৰ লেনদেনে। আৰু দুটা দিনৰ বাবে আৰক্ষীৰ জিম্মাত থাকিব চুমি আৰু তাৰ্কিক বৰা। পৰৱৰ্তী দুটা দিন বিশাল ফুকনৰ প্ৰৱঞ্চনাৰ তদন্তৰ ক্ষেত্ৰত আৰক্ষীৰ বাবে হ’ব অতি গুৰুত্বপূৰ্ণ।

Popular

More like this
Related

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...

ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ ভিতৰত স্থান দিয়া হৈছে USTMৰ অধ্যাপকক

আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে ২০২৪ চনৰ বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ...

বন্ধন বেংকে ১ বছৰৰ ফিক্সড ডিপজিটত আগবঢ়াইছে সৰ্বাধিক ৮.৫৫% পৰ্যন্ত সুত

বন্ধন বেংকে ১ বছৰৰ ফিক্সড ডিপজিটত সৰ্বাধিক ৮.৫৫% পৰ্যন্ত...