চুখই-30 আৰু নগাঁৱৰ এখন পথাৰ; এতিয়াও পাহৰিব পৰা নাই সেই অভিশপ্ত দিনটো

২০১৫ চনৰ সেই অভিশপ্ত দিনটোৰ কথাটো এতিয়াও পাহৰিব পৰা নাই নগাঁও জিলাৰ জুৰীয়াৰ পূব কলাডুবাৰ ৰাইজে। এটা প্ৰকাণ্ড শব্দই জোকাৰিছিল পূব কলাডুৱা অঞ্চল। ভাৰতীয় বায়ু সেনাৰ চুখই-৩০ নামৰ অত্যাধুনিক যুঁজাৰু বিমানখন তেজপুৰৰ পৰা উৰা মৰাৰ কিছু সময় পিছত দুৰ্ঘটনাত পতিত হৈ পোন্ধৰ ফুট দ’ গাঁতৰ সৃষ্টি কৰি সোমাই পৰিছিল পূব কলাডুৱাৰ ধাননি পথাৰত। অৱশ্যে বিমানখনৰ দুজন চালকে আকাশ মাৰ্গৰ পৰা পেৰাচুটেৰে জপিয়াই নিজৰ প্ৰাণ ৰক্ষা কৰিছিল। পিছে এই বিমান দূৰ্ঘটনাৰ ছয়টাকৈ বছৰ অতিক্ৰম হোৱাৰ পিছতো আজিও ইয়াৰ ৰাইজে কুফল ভোগ কৰি আহিছে। কেইবাদিনো অভিযান চলাই দুৰ্ঘটনাগ্ৰস্ত বিমান খনৰ ব্লেক বক্সৰ লগতে আন কিছু অংশ উদ্ধাৰ কৰা হৈছিল। আঘাতপ্ৰাপ্ত হৈছিল পাঁচজনকৈ স্হানীয় লোক। উল্লেখযোগ্য যে, বিমানখনৰ তেল আজিকোপতি পথাৰত পৰি থকাত মৎস্য উৎপাদনৰ লগতে বিভিন্ন শস্য উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে বহু কৃষক। দূৰ্ঘটনাৰ পিছতেই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ দিয়াৰ লগতে উপযুক্ত চিকিৎসা আশ্বাস দিছিল যদিও আজিলৈকে ফুটা কড়ি এটাও নাপালে দূৰ্ভগীয়া পৰিয়ালে।

Popular

More like this
Related

বাহ্যিক আড়ম্বৰবিহীন উপাসনাৰে এখন ব্যতিক্ৰমী দুৰ্গাপূজাস্থলী; ২৮২ বছৰীয়া ঐতিহ্যৰে নিৰৱে চলি আহিছে উপাসনা

দুৰ্গোৎসৱক লৈ ৰাজ্যৰ চৌদিশে এতিয়া উখল-মাখল পৰিৱেশ। আটকধুনীয়া পূজামণ্ডপ,...

মুকলি আকাশৰ তললৈ অমৃতপ্ৰভা মহন্ত; হাফলং উপ-কাৰাগাৰৰ পৰা পুৱা ৬:৩০ বজাত মুক্তি

অৱশেষত কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাল অমৃতপ্ৰভা মহন্ত।...