সফলতাই হ’ল শ্ৰেষ্ঠ প্ৰতিশোধ: ৰতন টাটাই কিদৰে গঢ়ি তুলিলে টাটা মটৰ্ছক?

সফলতাই হ’ল শ্ৰেষ্ঠ প্ৰতিশোধ, আৰু ৰতন টাটাই টাটা মটৰ্ছক বিশ্বৰ অন্যতম বৃহৎ অটোমোবাইল কোম্পানী হিচাপে গঢ়ি তুলি এই কথাটো প্ৰমাণ কৰিলে। বৰ্তমান টাটা মটৰ্ছৰ প্ৰায় ১৭৫খন দেশত উপস্থিতি থকাৰ লগতে ইয়াৰ গৱেষণা আৰু বিকাশ কেন্দ্ৰ UK, ইটালী, ভাৰত আৰু দক্ষিণ কোৰিয়াত অৱস্থিত। টাটা ব্ৰেণ্ডৰ উপৰিও টাটা মটৰ্ছে ব্ৰিটিছ লাক্সাৰী কাৰ নিৰ্মাতা জাগুৱাৰ আৰু লেণ্ড ৰ’ভাৰ, আৰু ডেৱুৰ মালিকীস্বত্ব লাভ কৰিছে।

টাটা মটৰ্ছৰ যাত্ৰা
টাটা মটৰ্ছৰ বাবে যাত্রীবাহী বাহনৰ খণ্ডত প্ৰৱেশ কৰাটো সহজ নাছিল, আৰু ই আৰম্ভ হোৱাৰ আগতেই প্ৰায় শেষ হ’বই ধৰিছিল। ১৯৪৫ চনত ল’ক’ম’টিভ নিৰ্মাতা হিচাপে প্ৰতিষ্ঠা হোৱা টাটা মটৰ্ছে পিছলৈ ট্ৰাক নিৰ্মাণৰ ক্ষেত্ৰত আগবাঢ়িছিল। ১৯৯১ চনত টাটা মটৰ্ছে টাটা চিয়েৰা নামৰ প্ৰথম এচইউভি উন্মোচন কৰি যাত্রীবাহী বাহনৰ খণ্ডত প্ৰৱেশ কৰে।

টাটা মটৰ্ছে বিক্ৰী কৰিবলৈ বিচাৰিছিল বাহনৰ বিভাগটো
৭ বছৰৰ পিছত, ১৯৯৮ চনত টাটা মটৰ্ছে প্ৰথমখন যাত্রীবাহী গাড়ী টাটা ইণ্ডিকা উন্মোচন কৰে। কিন্তু টাটা মটৰ্ছে ইয়াৰ বাণিজ্যিক বাহন আৰু এচইউভিৰ সফলতা যাত্রীবাহী বাহনত অব্যাহত ৰাখিব পৰা নাছিল, আৰু এবছৰৰ ভিতৰতে ১৯৯৯ চনত গাড়ীৰ বিভাগটো বিক্ৰী কৰিবলৈ সাজু হৈ পৰে।

ফ’ৰ্ডৰ দ্বাৰা ৰতন টাটাৰ অপমান
১৯৯৯ চনত ৰতন টাটাই টাটা মটৰ্ছৰ গাড়ী বিভাগ বিক্ৰী কৰাৰ উদ্দেশ্যে আমেৰিকালৈ গৈ ফ’ৰ্ড মটৰ্ছৰ অধ্যক্ষ বিল ফ’ৰ্ডৰ সৈতে সাক্ষাৎ কৰে। কিন্তু সফল নহ’ল, আৰু ফ’ৰ্ডৰ কাৰ্যবাহীসকলে ৰতন টাটাক অপমান কৰি ভাৰতীয় অটোমেকাৰ কোম্পানীয়ে যাত্রীবাহী গাড়ীৰ খণ্ডত কিয় আহিছে বুলি উপহাস কৰে। তেওঁলোকে ইংগিত দিয়ে যে, ফ’ৰ্ডে টাটাৰ গাড়ী বিভাগ ক্ৰয় কৰি টাটাক অনুগ্ৰহ কৰিছে।

ৰতন টাটাই কেনেকৈ টাটা মটৰ্ছক প্ৰাণ দিলে?
ইয়াৰ পিছত ৰতন টাটাই ফ’ৰ্ডলৈ গাড়ী বিভাগ বিক্ৰী কৰাৰ প্ৰস্তাৱ বাতিল কৰে, আৰু ভাৰতলৈ উভতি আহি টাটা গ্ৰুপৰ ভাগ্য সলনি কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ হয়।

টাটা মটৰ্ছে লাহে লাহে কিন্তু স্থিৰভাৱে উন্নত গাড়ী নিৰ্মাণৰ ক্ষেত্ৰত আগবাঢ়িল। আৰু ৰতন টাটাই ২০০৮ চনত ফ’ৰ্ডক প্ৰতিশোধ ল’বলৈ সুযোগ পায়। আৰ্থিক সংকটত ভুগি থকা ফ’ৰ্ডক টাটা মটৰ্ছে ২.৩ বিলিয়ন ডলাৰৰ বিনিময়ত জাগুৱাৰ লেণ্ড ৰ’ভাৰ কিনি এক জীৱনৰেখা প্ৰদান কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বজাৰলৈ আহি আছে FASTag বাৰ্ষিক পাছ!

কেন্দ্ৰীয় চৰকাৰে ফাষ্টটেগৰ বাৰ্ষিক পাছৰ ব্যৱস্থা আৰম্ভ কৰিবলৈ গৈ...

ধুবুৰীৰ সমান্তৰালকৈ লক্ষীমপুৰতো ইছলামিকস্তানৰ আখৰাৰ অভিযোগ হিন্দু যুৱ-ছাত্ৰৰ

ধুবুৰীৰ সমান্তৰালকৈ লক্ষীমপুৰতো ইছলামিকস্তানৰ আখৰা চলোৱা অভিযোগ উত্থাপন কৰিছে...

ট্ৰাম্পৰ সৈতে ৩৫ মিনিট সময় কথা পাতিলে মোদীয়ে

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে ফোনত কথা-বতৰা হৈছে ভাৰতৰ...

কেদাৰনাথ যাত্ৰা পথত ভূমিস্খলন! মূৰত শিল পৰি ২ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু, ৩ জন আহত

কেদাৰনাথ যাত্ৰাৰ পথত বিপৰ্যয়! বুধবাৰে কেদাৰনাথত ভূমিস্খলনৰ ফলত দুজন...