বড়োলেণ্ড বিশ্ববিদ্যালয়ত বিশ্বৰ কনিষ্ঠ অধ্যাপক সুবৰ্ণ আইজাক বাৰি

বড়োলেণ্ড বিশ্ববিদ্যালয়ত বিশ্বৰ কনিষ্ঠ অধ্যাপক সুবৰ্ণ আইজাক বাৰি। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত সুবৰ্ণ। বহুকেইখন মহাবিদ্যালয়ৰ অধ্যাপক, ছাত্ৰ–ছাত্ৰীৰে মত বিনিময় কৰে সুবৰ্ণ বাৰিয়ে। সুবৰ্ণ বাৰিৰ অনুষ্ঠান চাবলৈ ভিৰ কৰিলে বহু অধ্যাপক, ছাত্ৰ-ছাত্ৰীয়ে। কোকৰাঝাৰ মেডিকেল কলেজ, CIT, অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰাও আহিল ছাত্ৰ–ছাত্ৰী। বিশ্বৰ কনিষ্ঠ অধ্যাপকৰ ভাষণে মুগ্ধ কৰিলে সকলোকে। আনফালে সুবৰ্ণৰ সৈতে ছেল্ফী উঠিবলৈও হেতাওপৰা লগালে অধ্যাপক, ছাত্ৰ–ছাত্ৰীয়ে। ২০১২ চনৰ ৯ এপ্ৰিলত জন্মগ্ৰহণ কৰা সুবৰ্ণ বাৰিৰ আছে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি। গণিত, বিজ্ঞানত দুবছৰ বয়সৰ পৰাই আকৰ্ষিত হৈছিল সুবৰ্ণ বাৰি। বিশ্ববিদ্যালয়ত সুবৰ্ণ বাৰিয়ে পাঠ দিয়ে কম্পিউটাৰ আৰু পদাৰ্থ বিজ্ঞানৰ। ৭ বছৰতে অতিথি অধ্যাপক হিচাপে সন্মান লাভ কৰে মুম্বাই বিশ্ববিদ্যালয়ৰ ৰুইয়া কলেজৰ পৰা। নাছাৰ বাবেও কাম কৰিছে সুবৰ্ণ বাৰিয়ে। এজন লেখক হিচাপেও পৰিচিত সুবৰ্ণ বাৰিয়ে লিখিছে ‘দ্য লাভ’ শীৰ্ষক গ্ৰন্থ। সন্ত্ৰাসবাদৰ বিৰুদ্ধেও মাত মাতিছে কনিষ্ঠ অধ্যাপকজনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...