কিতাপ দিয়াৰ অচিলাৰে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন, নিলম্বিত লাইব্ৰেৰীয়ান আব্দুল ৰহিম!

ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলাই নিলম্বিত লাইব্ৰেৰীয়ান আব্দুল ৰহিম। গোৱালপাৰা জিলাৰ আমবাৰীস্থ শিমলাবাৰী হাইস্কুলত সংঘটিত হৈছে জঘন্য, লজ্জাজনক ঘটনা। বিদ্যালয়খনৰ এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীক যৌন আতিশয্য চলাই নিলম্বিত লাইব্ৰেৰীয়ান। অভিযোগ অনুসৰি, বিদ্যালয়খনৰ লাইব্ৰেৰীয়ান আব্দুল ৰহিমে বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক কিতাপ দিয়াৰ ছলনাৰে বিদ্যালয়তে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ। ছাত্ৰীগৰাকীৰ লিখিত অভিযোগৰ ভিত্তিত প্ৰধান শিক্ষকে বিষয়টো লিখিতভাবে কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকক অৱগত কৰোৱাত অভিযুক্ত লাইব্ৰেৰীয়ান আব্দুল ৰহিমক তাৎক্ষনিকভাবে চাকৰিৰ পৰা নিলম্বিত কৰে। অভিযোগ অনুসৰি, ইয়াৰ পূৰ্বেও বহু ছাত্ৰীক অশালীন আচৰণ কৰাৰো অভিযোগ উত্থাপিত হৈছে আব্দুল ৰহিমৰ বিৰুদ্ধে। ইপিনে এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। চাকৰিৰ পৰা নিলম্বিত হৈ অঞ্চলটোৰ একাংশ দেৱানী মাতাহ্বৰৰ সহযোগত ভুক্তভোগীক প্ৰায় ৭০ হাজাৰ টকা আদায় দি দো মুক্ত হোৱাৰ চেষ্টা চলাইছে আব্দুল ৰহিমে। কিশোৰী ছাত্ৰীক যৌন নিৰ্যাতন চলাই নিলম্বিত হোৱা লাইব্ৰেৰীয়ান আব্দুল ৰহিমক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী জনাইছে সচেতন ৰাইজে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...