এখন ব্যক্তিগত দলঙৰ কথা…

ব্যক্তিগত হাস্পতাল দেখিছে। ব্যক্তিগত বিদ্যালয়ো দেখিছে। আজি আপোনালোকক এখন ব্যক্তিগত দলঙৰ কথা ক’বলৈ ওলাইছো। সেই দলংখনৰ বাবে ঠিক কৰি থোৱা আছে নিৰিখ। বাইক-গাড়ীয়ে পাৰ হ’বলৈ দিব লাগে ধন। ক’ত, কিয় এই ব্যৱস্থা, কৰিছে কোনে?

ৱছুলি ভাইৰ আদৰ্শৰে ওদালগুৰিৰ কেইজনমান লোক
সুবিধা দিব, সহায়ো কৰিব
কিন্তু দিব লাগিব ধন

ব্যক্তিগত চিকিৎসালয় দেখিছে। ব্যক্তিগত বিদ্যালয় দেখিছে। আজি ব্যক্তিগত দলং দেখুৱাম। এটা লাভদায়ক ব্যৱসায়। ইয়াৰ বাবে আপোনাক লাগিব শ্ৰমদান কৰিব পৰা কেইজনমান লোক। প্ৰয়োজনীয় সামগ্ৰী কিনিবলৈ দুই লাখমান টকা। অসম চৰকাৰৰ দৰে এখন চৰকাৰ আৰু এখন নদী। তাৰ পাছত ৰমৰমীয়া ব্যৱসায়। ওদালগুৰি জিলাৰ পাঁচনৈ নদীৰ ওপৰত থকা বিছখুটি আৰু বৰছলাৰ মাজত থকা দলংখনক লৈ এতিয়া হাজাৰ হাজাৰ টকাৰ ব্যৱসায়। ইয়াত চৰকাৰে দলং নিৰ্মাণ কৰিব। কিন্তু সময় লাগিব।

সেয়ে স্থানীয় ২৪জন লোকে মিলি এটা পৰিকল্পনা কৰিলে…
তেওঁলোকে নিজৰ ধনেৰে নিৰ্মাণ কৰিব এখন বাঁহৰ দলং
সেইমতেই কাম। আটায়ে মিলি পইচা গোটাই, নিজেই শ্ৰমদান কৰি নিৰ্মাণ কৰিলে এইখন দলং। আঢ়ৈ মাহ পূৰ্বে উদ্বোধন হল। আৰম্ভ হ’ল যান-বাহনৰ চলাচল। সেয়া আছিল ইনভেষ্টমেন্ট। এয়া ৰিটাৰ্ণ বা প্ৰফিট। যান-বাহন পাৰ হ’বলৈ এই দলঙৰ আছে নিৰিখ।
চাইকেল ১০ টকা
বাইক-স্কুটী ২০ টকা
চাৰিচকীয়া ১০০ টকা

সেই ২৪জন লোকেই ভাগে ভাগে লয় দায়িত্ব। সংগ্ৰহ কৰে ধন। পাঁচনৈৰ ওপৰেৰে বিছখুটিৰ পৰা যাওঁতে এওঁলোক ১০০ টকালৈ দিব লাগে। উপায় নাই। তেনেকৈয়ে চলি আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...