ৰাজ্যিক ভিত্তিত কাবাডী প্ৰতিযোগিতাৰ আয়োজন, কোন কোন জিলাই ল’ব অংশ?

ক্ৰীড়াপ্ৰেমী ৰাইজৰ বাবে সুখবৰ । বিলাসীপাৰাত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব তিনিদিনীয়াকৈ সদৌ অসম ভিত্তিত পুৰুষ আৰু মহিলা কাবাডী খেল প্ৰতিযোগিতা। ধুবুৰী জিলা কাবাডী সন্থাৰ উদ্যোগত ২৬, ২৭ আৰু ২৮ ফেব্ৰুৱাৰীত বিলাসীপাৰাৰ আই এন একাডেমী মিনি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাখন। অসমৰ প্ৰতিখন জিলাৰ পৰা পুৰুষ আৰু মহিলা খেলুৱৈ সকলে অংশ গ্ৰহণ কৰিব বুলি অভ্যৰ্থনা সমিতিয়ে সদৰি কৰিছে। খেলখনত উপস্থিত থাকিব সদৌ অসম কাবাডী সন্থাৰ সভাপতি ভুৱেনশ্বৰ কলিতাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি। এই কথা সদৰি কৰে বিলাসীপাৰা পূব সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ বেচা-কিনা বিভাগৰ অধ্যক্ষ অশোক কুমাৰ সিংহীয়ে। অসমৰ বিভিন্ন প্ৰান্তৰ ক্ৰীড়াপ্ৰেমীৰ অংশ গ্ৰহণ তথা সহায় সহযোগিতাৰ আহ্বান অশোক কুমাৰ সিংহীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

FBIৰ শীৰ্ষ ১০ Most Wantedৰ তালিকাত গেংষ্টাৰ গোল্ডি ব্ৰাৰ, সন্ধান দিওঁতাক ১ মিলিয়ন ডলাৰৰ পুৰস্কাৰ ঘোষণা

আমেৰিকাৰ ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেচন (FBI)-এ পঞ্জাৱৰ কথিত গেংষ্টাৰ...

এছিয়ান গেমছত ভাৰতৰ পঞ্চমটো সোণ,ট্ৰেপ ইভেণ্টত নীৰু ধান্দাৰ সোণৰ পদক জয়

২০২৬ৰ এছিয়ান গেমছত মঙলবাৰে মহিলাৰ ব্যক্তিগত ট্ৰেপ ইভেণ্টত সোণৰ...

ম্যানমাৰত ভয়ংকৰ বিমান আক্ৰমণ, নিহত প্ৰায় ৪৯জন

ম্যানমাৰৰ ৰাখাইন ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ বিমান আক্ৰমণ। সোমবাৰে...

ভাৰত-ম্যানমাৰ সীমান্তত অসম ৰাইফলছৰ তহলদাৰী দলক এম্বুশ্ব; শ্বহীদ এজন জোৱান

ভাৰত-ম্যানমাৰ সীমান্তত মঙলবাৰে পুৱাই অসম ৰাইফলছৰ এটা তহলদাৰী দল...