ৰাজ্যিক ভিত্তিত কাবাডী প্ৰতিযোগিতাৰ আয়োজন, কোন কোন জিলাই ল’ব অংশ?

ক্ৰীড়াপ্ৰেমী ৰাইজৰ বাবে সুখবৰ । বিলাসীপাৰাত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব তিনিদিনীয়াকৈ সদৌ অসম ভিত্তিত পুৰুষ আৰু মহিলা কাবাডী খেল প্ৰতিযোগিতা। ধুবুৰী জিলা কাবাডী সন্থাৰ উদ্যোগত ২৬, ২৭ আৰু ২৮ ফেব্ৰুৱাৰীত বিলাসীপাৰাৰ আই এন একাডেমী মিনি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাখন। অসমৰ প্ৰতিখন জিলাৰ পৰা পুৰুষ আৰু মহিলা খেলুৱৈ সকলে অংশ গ্ৰহণ কৰিব বুলি অভ্যৰ্থনা সমিতিয়ে সদৰি কৰিছে। খেলখনত উপস্থিত থাকিব সদৌ অসম কাবাডী সন্থাৰ সভাপতি ভুৱেনশ্বৰ কলিতাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি। এই কথা সদৰি কৰে বিলাসীপাৰা পূব সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ বেচা-কিনা বিভাগৰ অধ্যক্ষ অশোক কুমাৰ সিংহীয়ে। অসমৰ বিভিন্ন প্ৰান্তৰ ক্ৰীড়াপ্ৰেমীৰ অংশ গ্ৰহণ তথা সহায় সহযোগিতাৰ আহ্বান অশোক কুমাৰ সিংহীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...