ডিঙিত স্থেথিস্কোপ ওলোমাই ফাৰ্মাছীত চলাই আছিল নিচাযুক্ত দৰৱৰ ব্যৱসায়, জালত দুজন

ডিঙিত স্থেথিস্কোপ ওলোমাই ঠিয় হৈ থকা লোকক দেখিলে বহু সময়ত চিকিৎসক নহ’বও পাৰে ৷ ডিঙিত স্থেথিস্কোপ ওলোমাই একাংশই ফাৰ্মাছী খুলি চিকিৎসাৰ নামত অবৈধভাবে চলাই আহিছে নিচাযুক্ত দৰৱৰ ব্যৱসায় ৷ বৰপেটা আৰক্ষীয়ে অভিযান চলাই কেওটকুছি গাঁৱৰ এখন ফাৰ্মাছীৰ পৰা সহস্ৰাধিক নিচাযুক্ত টেবলেটসহ ফাৰ্মাচীখনৰ গৰাকী আব্দুল জলিল আৰু ছাহিল মেহবু হাছান নামৰ আন এজন যুৱকক আটক কৰে৷ ধৃত আব্দুল জলিলৰ ঘৰ বহৰিৰ হৰিপুৰত আৰু ছাহিল মেহবু হাছানৰ ঘৰ ভেৰালদি গাঁৱত ৷ ছাহিল মেহবু হাছানৰ স্বীকাৰোক্তিৰ ভিত্তিত ফাৰ্মাছীৰ গৰাকীজনক আটক কৰে আৰক্ষীয়ে ৷ উল্লেখ্য যে, বৰপেটা জিলাৰ একাংশ ফাৰ্মাচীত এনেদৰে অবৈধভাবে বিক্ৰী হৈ আহিছে নিচাযুক্ত টেবলেট আৰু নিষিদ্ধ কফ চিৰাপ ৷ বহৰিৰ হৰিপুৰৰ আব্দুল জলিল নামৰ লোকজনে যোৱা কিছু বছৰ ধৰি কেওঁটকুছি চ’কত ফাৰ্মাচীৰ ব্যৱসায়ৰ নামত নিচাসুক্ত ব্যৱসায় চলাই আহিছিল ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...