অসমৰ ভূমি আৰু পৰিচয় সুৰক্ষিতকৰণৰ বাবে ৰাজ্য চৰকাৰ প্রতিশ্রুতিবদ্ধ: মুখ্যমন্ত্রী

গুৱাহাটী, ৭ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দৰং জিলাৰ ছিপাঝাৰৰ গৰুখুটি অঞ্চল ভ্রমণ কৰি ঢলপুৰ শিৱ মন্দিৰৰ ওচৰত অবৈধ বসতিস্থাপনকাৰীয়ে বেদখল কৰা নৈপৰীয়া অঞ্চলসমূহ পৰিদর্শন কৰে। গৰুখুটিত উপস্থিত হােৱাৰ পিছত তেওঁ এখন দেশীয় নাওযােগে অঞ্চলটো ভ্রমণ কৰাৰ লগতে পাহাৰৰ টিলাত অৱস্থিত শিৱ মন্দিৰটোও দর্শন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে মন্দিৰত সেৱা আগবঢ়োৱাৰ লগতে আৰু মন্দিৰ পৰিচালনা সমিতিৰ সৈতেও বার্তালাপত মিলিত হয়। উল্লেখযােগ্য যে এই শিৱ মন্দিৰৰ ১৮০ বিঘা ভূমিৰ ভিতৰত মুঠ ১২০ বিঘা ভূমিয়েই অবৈধ বেদখলকাৰীৰ কবলত আছিল যদিও সম্প্রতি এই ভূমি আৰক্ষী আৰু জিলা প্রশাসনে বেদখলমুক্ত কৰিছে। ইয়াৰ পিছতেই স্থানীয় সংবাদকর্মীসকলৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই বেদখলকাৰীসকলক উচ্ছেদ কৰাৰ বাবে আৰক্ষী আৰু জিলা প্রশাসনে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লােৱাৰ লগতে এতিয়াও বেদখলমুক্ত নােহােৱা ভূমিখিনি ইচ্ছাকৃতভাৱে খালী কৰি দিবলৈ বেদখলকাৰীসকলৰ প্রতি আহ্বান জনায়। ঐতিহাসিক শিৱ মন্দিৰটিৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে সকলােধৰণৰ পদক্ষেপ লােৱা হ’ব বুলি উল্লেখ কৰি মন্দিৰৰ মণিকুট স্থাপন, অতিথিশালা আৰু সীমাৰ দেৱাল নির্মাণৰ ব্যৱস্থা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে মন্দিৰ পৰিচালনা সমিতিক আশ্বাস দিয়ে। মন্দিৰটোৰ পৱিত্ৰতা অটুট ৰখাৰ লগতে ইয়াক পর্যটকৰ আকৰ্ষণৰ কেন্দ্রবিন্দু হিচাপে গঢ়ি তােলাৰ ক্ষেত্ৰত চৰকাৰৰ সৈতে সহযােগিতা আগবঢ়াবলৈ তেওঁ ধর্মীয় বিশ্বাস নির্বিশেষে সকলাে শ্ৰেণীৰ লােকৰ প্রতি আহ্বান জনায়। ৰাজ্যখনৰ সত্ৰ আৰু মন্দিৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ প্রতিশ্রুতিবদ্ধতাৰ কথা দোহাৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আক্রমণকাৰী আৰু অবৈধ প্ৰব্ৰজনকাৰীৰ পৰা অসমৰ ভূমি, পৰিচয়, সংস্কৃতি, ভাষা আৰু ঐতিহ্য সুৰক্ষিত কৰাৰ বাবে চৰকাৰে সকলাে পদক্ষেপ গ্রহণ কৰিব। মন্দিৰৰ ভূমিৰ ব্যৱহাৰ আৰু আৰু ৰাজহ উপার্জনৰ বাবে নিজৰ কৰণীয় সন্দৰ্ভত সিদ্ধান্ত লােৱাৰ অধিকাৰ মন্দিৰ পৰিচালনা সমিতিৰ ওপৰত ন্যস্ত থাকিব বুলিও তেওঁ জানিবলৈ দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...

Exclusive | দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ সবিশেষ

CC কেমেৰাত দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ দৃশ্য।...