মাছক লৈ কোনে মেলিছে ৰাজনীতিৰ জাল?

ৰাজ্যৰ ৰাজনীতি বোকাপানীৰ দৰে হৈছে। ধুঁৱলী-কুঁৱলী হৈছে আকাশ। মাছৰ ৰাজনীতিক লৈ উত্তাল ৰাজ্য। নগাঁৱৰ মিঞা ব্যৱসায়ীয়ে উজনিলৈ মাছ নপঠিয়াও বুলি কোৱাৰ পাছতে পাছত উজনিৰ ৰাইজে স্পষ্ট কৰি দিলে নগাঁৱৰ মাছ নহলেও উজনিৰ ৰাইজৰ সমস্যা নহয়। নগাঁৱৰে একাংশ থলুৱা লোকে দাবী কৰিলে মধ্য অসমৰ ৫০ শতাংশ মাছহে মিঞাই উৎপাদন কৰে। মিঞাই নপঠিয়ালেও উজনিলৈ মাছ যাবই। শিৱসাগৰলৈ নগাঁৱৰ মাছ গৈয়ে আছে। তাৰ মাজতে একাংশ দল-সংগঠন ওলাই আহিল, মিঞাৰ মাছ উজনিলৈ কি যাব! আমি নগাঁৱতেই বিক্ৰী কৰিবলৈ নিদিওঁ। এনেবোৰ ঘটনা-পৰিঘটনাক লৈয়ে ব্যস্ত ৰাজ্যবাসী। বীৰ লাচিত সেনাৰ নেতাই বাধা দিলে মাছ বেপাৰীক। তাৰেই প্ৰতিক্ৰিয়া সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। শৃংখল চলিহাৰ বিৰুদ্ধে ক্ষোভ। সৰৱ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও।

উজনি অসমলৈ মাছ ৰপ্তানি নকৰোঁ বুলি দাবী কৰি আৰক্ষীৰ জালত পৰিল জুৰীয়াৰ মীন পালক। জুৰীয়াৰ দগাঁৱৰ পৰা আটক জহিৰুল ইছলামক। (চামগুৰি) বীৰ লাচিত সেনাৰ দুজনকৈ বিষয়ববীয়াক আটক কৰিলে নগাঁও আৰক্ষীয়ে। নগাঁৱৰ বৰবজাৰত মিঞা অধ্যূষিত অঞ্চলৰ পৰা মাছ অনাত বাধা প্ৰদান কৰিছিল বীৰ লাচিত সেনাৰ একাংশ সদস্যই। ইপিনে মাছ পঠিওৱা-নপঠিওৱাক লৈ উজনিত অব্যাহত প্ৰতিক্ৰিয়া। মৰাণৰ বিভিন্ন দল-সংগঠনৰ ক্ষোভ। নগাঁৱৰ মিঞাই মাছ নপঠিয়ালেও উজনিৰ মানুহ ভোক নাথাকে। মাছ নোখোৱাকৈ নাথাকে। বিহপুৰীয়াত সৰ্বকালৰ বাবে নগাঁৱৰ মাছ বৰ্জন কৰিলে বিহপুৰীয়াৰ একাধিক দল সংগঠনে। বিহপুৰীয়াৰ কেইবাটাও জাতীয়-জনগোষ্ঠীয় ছাত্ৰ সংগঠনে একত্ৰিতভাৱে অনুষ্ঠিত কৰিলে ৰাজহুৱা সভা।

নগাঁও-মৰিগাঁৱৰ মাছ কৃত্ৰিমভাবে ডাঙৰ কৰা হয়। সেয়ে মধ্য অমসৰ মাছ নহাটো উজনি অসমৰ বাবে ভালহে কথা। উজনিত মাছ উভৈনদী। কিন্তু দুষ্টচক্ৰই সুবিধা লৈ মূল্যবৃদ্ধি কৰিব পাৰে বুলিও আশংকা।

মাছ পঠিওৱা, নপঠিওৱা বিষয়ক লৈয়ে প্ৰতিক্ৰিয়া নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ। নগাঁৱত কেৱল মিঞাই মাছ উৎপাদন নকৰে। উজনিলৈ মাছ পঠিওৱাৰ ব্যৱস্থা মই কৰিম। ক’লে বিধায়ক ৰূপক শৰ্মাই।

নগাঁৱৰ কেইজনমান মৎস্য ব্যৱসায়ীয়ে উজনিলৈ মাছ প্ৰেৰণ নকৰোঁ বুলি কোৱাৰ পাছতেই জুই জ্বলিছিল ৰাজ্যত। তেওঁলোকৰ পৰিচয় উদ্ধাৰ কৰি চলি থকা ৰাজনীতিৰ ৰহস্য ভেদ কৰিলে সাংসদ প্ৰদ্যুত বৰদলৈয়ে।

ইপিনে মাছক লৈ মন্তব্য মীন মন্ত্ৰীৰো। উজনিলৈ মাছৰ ৰপ্তানি বন্ধ নহয়। কোনো ন্যস্ত স্বাৰ্থ জড়িত লোকে মাছৰ যোগান বন্ধ কৰিলে লোৱা হব ব্যৱস্থা।উজনিলৈ মাছ চৰকাৰে পঠিয়াব।

মুঠৰ ওপৰত মাছ আৰু মিঞা। সাম্প্ৰতিক সময়ত উজনি-মধ্য-নামনি অসম আৰু দিছপুৰতো আটাইতকৈ চৰ্চিত বিষয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...