একেলগে জ্বলিব ৩ শতাধিক চৌকা, ৫ লক্ষাধিক ভকতৰ বাবে সাজু হ’ব মহাপ্ৰসাদ

একেলগে ১০ হাজাৰ ভকতে গ্ৰহণ কৰিব মহাপ্ৰসাদ
একেলগে জ্বলিব ৩ শতাধিক চৌকা
৫ লক্ষাধিক ভকতৰ বাবে সাজু হ’ব মহাপ্ৰসাদ
৩৫ খন উপসমিতিৰ অবিৰত আয়োজন
এয়া ৰঙিয়াৰ হাতীখলা পথাৰ

আয়োজিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ‘ৰঙিয়া অধিৱেশন’। হৰি ধ্বনিৰে ৰন্ধনশালত গুমগুমাইছে। বৈছে হৰি নামৰ অমিয়া নিজৰা। অহা ৯, ১০ আৰু ১১ ফেব্ৰুৱাৰীত আয়োজিত হৈছে অধিৱেশনখনি। আদৰণি সমিতিয়ে সম্পন্ন কৰিছে আয়োজনৰ প্ৰায় প্ৰস্তুতি। ৩৫ খনকৈ উপসমিতিয়ে দিনে নিশাই আগবঢ়ায় নিছে অধিৱেশনৰ প্ৰস্তুতিৰ কাম। অধিৱেশনৰ বাবে গঠিত উপ সমিতি সমূহৰ অন্যতম ৰন্ধন আৰু বিতৰণ উপসমিতিয়ে সাজু হৈ উঠিছে প্ৰায় ৫ লক্ষাধিক ভক্তক মহাপ্ৰসাদেৰে আপ্যা?ণৰ বাবে। একেলগে দহহাজাৰ ভকত বৈষ্ণৱে আহাৰ গ্ৰহণ কৰিব পৰাকৈ সাজু কৰা হৈছে আহাৰ গ্ৰহণৰ স্থান। ৰন্ধনৰ বাবে সাজু কৰা হৈছে তিনিশৰো অধিক চৌকা। লানি লানিকৈ সাজু কৰা হৈছে চৌকাসমূহ। জাপি জাপি ৰখা হৈছে কাঠৰ খৰি। বাপ, বান্ধৱ, আই মাতৃক আদৰিবলৈ, আপ্যায়িত কৰিবলৈ চলিছে অপাৰ প্ৰস্তুতি। হাতীখলা পথাৰত নিৰ্মিত হৈছিল অস্থায়ী নামঘৰ। অধিৱেশনলৈ আধা পষেকৰো অধিক দিন বাকী থকা অৱস্থাতো ৰাইজে ভিৰ কৰিছে অধিৱেশনস্থলীত। আটকধুনীয়াকৈ সজোৱা থলীয়ে আকৰ্ষিত কৰিছে ভকত–বান্ধৱক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...