একেলগে বাজিছে খোল, শংখ, বৰতাল…একেলগে জুৰিছে ভকতে নাম

একেলগে বাজিছে খোল, শংখ, বৰতাল
একেলগে জুৰিছে ভকতে নাম

এয়া ৰঙিয়াৰ হাতীখলা পথাৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আগন্তুক ৯৩ সংখ্যক অধিৱেশনৰ বাবে সাজু হৈ উঠিছে মৰাণজনা ভয়ৰাৰ হাতীখলা পথাৰ। ইতিমধ্যে আদৰণী সমিতিয়ে সম্পন্ন কৰিছে ৮০ শতাংশ কাম। থলুৱা সা–সামগ্ৰীৰে নিৰ্মাণ কৰা অস্থায়ী নামঘৰত এইদৰে সমবেত হ’ল বাপ–বান্ধৱ, আই–মাতৃ। সমস্বৰে ভগৱন্তক আৰাধনা কৰি পুৱাৰ ভাগতে আজি প্ৰতিষ্ঠা হ’ল গুৰু আসন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই পালন কৰিলে গুৰু দায়িত্ব।

অধিৱেশনখনিক লৈ ব্যাপক প্ৰস্তুতি চলিছে ৰঙিয়াত। অক্ষয় বন্তিৰো ব্যৱস্থা কৰা হৈছে অস্থায়ী নামঘৰত। অহা ৯,১০, ১১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশনৰ অতিথি আপ্যায়ণৰ ক্ষেত্ৰটো বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আয়োজকে। ৩৫ খন উপ–সমিতি গঠনেৰে জোৰদাৰ চলিছে প্ৰস্তুতি। এইদৰে সাজু হৈ উঠিছে ৰঙিয়াবাসী। ভকতৰ ভকতি, সেৱকীৰ সেৱাৰে ভৰি পৰিব অধিৱেশনস্থলী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...

পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক USTMত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

USTMৰ ছ'চিয়েল ৱৰ্ক বিভাগে বিশ্ব সমাজকৰ্ম দিৱস ২০২৬ উপলক্ষে...

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...