অৰ্থনৈতিক সংকটৰ মাজতে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাকছাৰ পদত্যাগ

স্বাধীনতাৰ পিছত দেশখনে দেখা আটাইতকৈ বেয়া অৰ্থনেতিক সংকটৰ সময়তে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাকছাই পদত্যাগ কৰিছে। লগতে শ্ৰীলংকাৰ স্বাস্থ্য মন্ত্ৰী অধ্যাপক চান্না জয়সুমানাইও তেওঁৰ পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিছে।

সোমবাৰে প্ৰধানমন্ত্ৰী ৰাজাপাকছাই পদত্যাগৰ প্ৰস্তাৱ দিব বুলি বাতৰি প্ৰকাশ কৰাৰ পিছতে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাকছা কাৰ্যালয়ৰ সন্মুখত এক হিংসাত্মক সংঘৰ্ষৰ সূত্ৰপাত হয়। এই সংঘৰ্ষত শাসনাধিষ্ঠিত এজন সাংসদ নিহত হয় আৰু শতাধিকলোক আহত হয়।

প্ৰায় এমাহ ধৰি শ্ৰীলংকাই ইন্ধন, বিদ্যুত আৰু অৰ্থনৈতিক সংকটত ভুগি আছে। ইয়াৰ উপৰি সম্পূৰ্ণ দেশখনতে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশচুম্বী মুল্যবৃদ্ধি হৈছে। এই সংকট আংশিকভাৱে বিদেশী মুদ্ৰাৰ অভাবৰ ফলতো দেখা দিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...