সঁচাকৈয়ে তাজমহলৰ ওপৰৰ মহলাত নিৰ্মিত ২০টা বন্ধ কোঠাত শিৱ মূৰ্তি আছে নে?

অন্য বিভিন্ন বিতৰ্কৰ পিছত শেহতীয়াকৈ দেশত আৰম্ভ হৈছে তাজমহলকলৈ বিতৰ্ক। ঐতিহ্যমণ্ডিত তাজমহলক তেজোমহল নামেৰে নামাকৰণ কৰাৰ বাবে উচ্চ ন্যায়ালয়ত দাবী কৰিছে একাংশই । তেওঁলোকে এইবুলিও দাবী কৰিছে যে,ভগৱান শিৱৰ মূৰ্তি আৰু শিলালিপি তাজমহলৰ ওপৰৰ মহলাত নিৰ্মিত ২০টা বন্ধ কোঠাত ৰখা হৈছে। ইমান দিনে ৰহস্যৰ আৱৰ্তত থকা এই বন্ধ কোঠাবোৰ খোলাৰ বাবে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠত এখন লিখিত আবেদন দাখিল কৰা হৈছে। ইয়াৰ উপৰি আন্দোলনকাৰীয়ে উচ্চ ন্যায়ালয়ৰ পৰা চৰকাৰৰ এটা তথ্য অনুসন্ধানকাৰী সমিতি গঠন কৰাৰো দাবী কৰিছে । সঁচাকৈয়ে তাজমহলৰ ওপৰৰ মহলাত নিৰ্মিত ২০টা বন্ধ কোঠাত শিৱ মূৰ্তি আছে নেকি? এইদাবী কিমান যুক্তিসংগত?

এই বন্ধ কোঠাৰ ৰহস্য ভেদ কৰাৰ বাবে অযোধ্যাৰ বিজেপি গোটৰ মিডিয়া প্ৰভাৰী ডা০ ৰজনীশ কুমাৰ সিঙে অধিবক্তা ৰুদ্ৰ বিক্ৰম সিঙৰ জৰিয়তে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠত এখন আবেদন দাখিল কৰিছে। ডা০ ৰজনীশ কুমাৰ সিঙৰ মতে,তাজমহলত এটা পুৰণি শিৱ মন্দিৰ আছে। শিৱ মন্দিৰৰ মূৰ্তি আৰু শিলালিপি মোগল সম্ৰাট শ্বাহজাহানে তাজমহলৰ ভিতৰত লুকুৱাই ৰাখিছিল। ইফালে আকৌ তাজমহলক তেজো মহল বুলি কোৱা লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাব ধৰিছে । শেহতীয়াকৈ,কিছুমানে তাজমহলত ভগৱান শিৱৰ পিণ্ডি আছে বুলিও দাবী কৰিছে । আবেদনকাৰী ড০ ৰজনীশ কুমাৰ সিঙে যুক্তি মতে তাজমহল এটা প্ৰাচীন স্মৃতিস্তম্ভ। স্মৃতিস্তম্ভ সংৰক্ষণৰ বাবে চৰকাৰে প্ৰতিবছৰে কোটি কোটি টকা ব্যয় কৰে। ইয়াৰ বিষয়ে সঠিক আৰু সম্পূৰ্ণ ঐতিহাসিক তথ্য ৰাইজৰ মাজলৈ অনা উচিত।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

অপাৰেচন সিন্দূৰক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, অপাৰেচন সিন্দূৰৰ সময়ত...

অপাৰেচন কেলাৰ কি?

অপাৰেচন কেলাৰ হৈছে ভাৰতীয় সেনাৰ দ্বাৰা জম্মু আৰু কাশ্মীৰৰ...

ভাৰতীয় সাংবাদিকৰ পৰা তথ্য আহৰণৰ চেষ্টা পাকিস্তানী চোৰাংচোৱাৰ

পাকিস্তানৰ গুপ্তচৰ সংস্থাই ভাৰতীয় সাংবাদিক আৰু সাধাৰণ নাগৰিকৰ সৈতে...

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...